কলিয়াবৰ,০৪ মাৰ্চ: বন বিভাগৰ তীব্ৰ অভিযানকো কেৰেপ নকৰে একাংশ বন মাফিয়াই । কলিয়াবৰত বৰ্তমানেও অব্যাহত আছে কাঠৰ চোৰাং ব্যৱসায় । ইয়াৰ বিপৰীতে বিভিন্ন সময়ত বন বিভাগে দৈনিক চলাই গৈছে বন মাফিয়াৰ লগতে চোৰাংকৈ সৰবৰাহ কৰা কাঠৰ বিৰুদ্ধে অভিযান । শুকুৰবাৰে পুৱতি নিশা বনবিভাগৰ এক অভিযানত জব্দ হৈছে চোৰাংকৈ সৰবৰাহ কৰা কাঠভৰ্তি এখন ট্ৰাক । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া কলিয়াবৰৰ নজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগে চলাইছিল অভিযান ।
কাৰ্বি আংলঙৰ ৰংবংৱে ৰ পৰা অনা চোৰাং কাঠখিনি কলিয়াবৰ অভিমুখে লৈ যোৱাৰ সময়তে বন বিভাগে জব্দ কৰে (illegal timber seized by forest department) । ট্ৰাকসহ কাঠখিনি বনবিভাগে জব্দ কৰে যদিও কৌশলৰে পলায়ণ কৰে ট্ৰাকখনৰ চালক তথা হেণ্ডিমেনে । জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS06AC 3185 ।
কাৰ্বি আংলঙৰ ৰংবংৱে আৰু ৰঙাগৰা, আদি অঞ্চলৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ কাঠৰ সৰবৰাহ অব্যাহত ৰাখিছে দুষ্ট চক্ৰই । উল্লেখ্য যে কোনো প্ৰভাৱশালী চক্ৰৰ চত্ৰছাঁয়াত কাঠৰ চোৰাং সৰবৰাহ চলি থকাৰ অভিযোগ বিভিন্নজনৰ ।
লগতে পঢ়ক: Municipal election 2022 : ঘৰৰ সন্মুখত BJPৰ পতাকা, হৃদয়ত কংগ্ৰেছ: প্ৰদ্যুৎ বৰদলৈ