ETV Bharat / state

কলিয়াবৰত জব্দ চোৰাং কাঠ

author img

By

Published : Jun 7, 2021, 10:53 AM IST

কলিয়াবৰৰ ঘোঁৰাকাটি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং কাঠ সৰবৰাহকাৰী আৰু বনবিভাগৰ বাহনৰ মুখামুখি সংঘৰ্ষ ৷ সংঘৰ্ষত কথমপি প্ৰাণৰক্ষা তিনি বনকৰ্মীৰ ৷

illegal-timber-ceased-in-an-accident-at-kaliabor
কলিয়াবৰত জব্দ চোৰাং কাঠ

কলিয়াবৰ,7 জুন: দেওবাৰে কলিয়াবৰৰ ঘোঁৰাকাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক দুৰ্ঘটনা সংঘটিত হয় । চোৰাং কাঠ ভৰ্তি এখন বাহনৰ খুন্দাত কাজিৰঙাৰ বন বিভাগ(Kaziranga Forest Department)ৰ এখন বাহন ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত কোনোমতে প্ৰাণ ৰক্ষা পৰে চালকসহ তিনি বনকৰ্মীৰ ৷

জানিব পৰা মতে,AS 02 BC 6667 নম্বৰৰ বাহনখনে চোৰাং কাঠসহ নগাঁৱৰ দিশে আহি থকাৰ সময়তে AS 05 G 4633 নম্বৰৰ কাজিৰঙাৰ বন বিভাগ(Kaziranga Forest Department)ৰ জীপচী বাহনত খুন্দা মৰাত বাহনখন পথৰ দাঁতিত বাগৰি পৰে ৷ ততালিকে কাঠ ভৰ্তি বাহনখনত থকা চোৰাং কাঠ সৰবৰাহকাৰী কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।

কলিয়াবৰত জব্দ চোৰাং কাঠ

কিছু সময়ৰ পাচতে জখলাবন্ধা আৰক্ষী(Jakhalabandha Police) ঘটনাস্থলীত উপস্থিত হৈ বাহন কেইখন উদ্ধাৰ কৰাৰ লগতে আহত বনকৰ্মী কেইজনক জখলাবন্ধা চিকিৎসালয়(Jakhalabandha Hospital)ত ভৰ্তি কৰে ৷ আৰক্ষী-বন বিভাগৰ চকুৰ সমুখতে এনেদৰে কাৰ্বি আংলঙৰ পৰা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে একাংশ দুষ্টচক্ৰই ।

লগতে পঢ়ক : বৰপেটাত কুখ্যাত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.