নগাঁও, ১৯ জুলাই : ৰাজ্যত সংঘটিত হৈছে যৌতুকৰ বাবে আন এক ভয়ংকৰ ঘটনা (terrible incident for dowry in Assam) । ৰূপহীহাটৰ উত্তৰ খাটোৱালত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড (Horrific incident in Rupahihat Nagao) । স্বামীয়ে জ্বলাই দিলে নিজ পত্নীক (Husband burns his wife) । এই সন্দৰ্ভত ইতিমধ্যে স্বামীৰ ওপৰত ৰূপহীহাট আৰক্ষী থানাত গোচৰ তৰা হৈছে । বৰ্তমান স্বামী পলাতক ।
নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ খাটোৱালত সংঘটিত হৈছে এই অমানৱীয় কাণ্ড ৷ ছাদেৰ আলী নামৰ লোকজনে নিজ পত্নীক জ্বলাই দিয়াৰ অভিযোগ উঠিছে । জানিব পৰা মতে, দুবছৰ আগত ছাদেৰ আলী নামৰ লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মৰ্জিনা খাতুন । কিন্তু যৌতুকৰ বাবে দুয়োৰে মাজত সঘনাই সংঘটিত হৈছিল কাজিয়াৰ (Husband accused of burning wife for dowry in Rupahihat) ।
ফলত যোৱা দেওবাৰে নিশা স্বামী ছাদেৰ আলীয়ে মৰ্জিনা খাতুনক নিশা শুই থকা অৱস্থাতে ঘৰটোত বাহিৰৰ পৰা তলা মাৰি জ্বলাই দি পলায়ন কৰা বুলি জানিব পৰা গৈছে । ইয়াৰ পিছত ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হোৱা মহিলাগৰাকীক নিশাই স্থানীয় ৰাইজে নগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও সোমবাৰে বিয়লি মহিলাগৰাকীৰ মৃত্যু হয় ।
মৃত মহিলাগৰাকীৰ পৰিয়ালে ৰূপহীহাট আৰক্ষী থানাত স্বামী ছাদেৰ আলীৰ বিৰুদ্ধে গোচৰ তৰে । অৱশ্যে বৰ্তমানলৈকে ছাদেৰ আলীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়ক :Manikpur Child Patient: আমাক সহায় কৰক... পুত্ৰৰ প্ৰাণভিক্ষা বিচাৰি অসহায় মাতৃৰ কাতৰ অনুৰোধ