ETV Bharat / state

আত্মজাহৰ হুংকাৰ অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যক স্থায়ী নিযুক্তিৰ দাবীত নগাঁৱত শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ আমৰণ অনশন । দাবী পূৰণ নহলে আত্মজাহৰ হুংকাৰ ।

Hunger strike at nagaon
Hunger strike at nagaon
author img

By

Published : Sep 1, 2020, 10:50 PM IST

নগাঁও, 1 ছেপ্টেম্বৰ : অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যক স্থায়ী নিযুক্তিৰ দাবীত নগাঁৱত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰে শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ নগাঁও জিলা সমিতিয়ে । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মঙলবাৰৰ পৰা আৰম্ভ কৰা আমৰণ অনশন কাৰ্যসূচীৰ জৰিয়তে শ্বহীদ নিৰ্যাতিত পৰিয়ালক অতি শীঘ্ৰে স্থায়ী নিযুক্তিৰ দাবী উত্থাপন কৰে ।

আত্মজাহৰ হুংকাৰ অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ

পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ । ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে এশ দিনীয়া কৰ্মসূচীত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ ৩১৫ জন সদস্যক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি চাৰি বছৰেও পূৰণ নহ’ল । কেৱল জলসম্পদ বিভাগত ৫ জনক নিযুক্তি দিয়েই চৰকাৰে দায়িত্ব সামৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে পৰিষদে । লগতে বিভিন্ন বিভাগত আবেদন কৰা শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যৰ নাম সংগ্ৰহ কৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত নিযুক্তি পত্ৰ প্ৰদান নকৰিলে আত্মজাহ দিয়াৰো হুংকাৰ দিয়ে শ্বহীদ নিৰ্যাতিত পৰিয়ালে ।

লগতে পঢ়ক : আমৰণ অনশনত বহিল ডুমডুমাৰ শ্বহীদ নিৰ্যাতিত পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.