ETV Bharat / state

সত্যৰঞ্জন বৰাক কেন্দ্ৰ কৰি উত্তপ্ত জাজৰি

বিতৰ্কিত তীব্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ যেন চলিছে বেয়া দিন ! কিয়নো সততে বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ চৰ্চাত থকা নেতাগৰাকীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এটাৰ পিছত আনটো প্ৰতিবাদ ৷ দেওবাৰে কেইবাটাও ভিন্ন কাৰ্যসূচীৰে নগাঁৱত উপস্থিত হোৱা নেতাগৰাকীয়ে দুবাৰকৈ সন্মুখীন হয় ৰাইজৰ ৰোষৰ ৷ অৱশেষত আৰক্ষীৰ হস্তক্ষেপত ৰাইজৰ কবলৰ পৰা উদ্ধাৰ হয় সত্যৰঞ্জন বৰা ৷

Hungama at jajori nagaon due to satyaranjan bora assam etv bharat assam
উত্তপ্ত জাজৰি
author img

By

Published : Oct 19, 2020, 7:54 AM IST

নগাঁও,19 অক্টোবৰ: বিতৰ্কই যেন পিছ নেৰা হৈছে তীব্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ ৷ এটাৰ পিছত এটাকৈ নতুন বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছে সত্যৰঞ্জন বৰা ৷ প্ৰায়ে বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টাত ব্ৰতী থকা হিন্দুত্ববাদী নেতাজনে দেওবাৰে নগাঁৱত বটদ্ৰৱাত উপস্থিত হোৱাৰ পিছতে সন্মুখীন হৈছিল ক’লা পতাকাৰ ৷ ইয়াৰ পিছতে দেওবাৰে সন্ধিয়া নেতাগৰাকী উপস্থিত হৈছিল জাজৰিত ৷ কিন্তু বৰাৰ উপস্থিতিৰ পিছতে উত্তপ্ত হৈ পৰে জাজৰিৰ পৰিস্থিতি ৷ নেতাগৰাকীৰ উপস্থিতিৰ উমান লাভ কৰি স্থানীয় ৰাইজে পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰাৰ বাবে জাজৰিত এনে পৰিস্থিতিৰ সৃষ্টি হয় ৷ সত্যৰঞ্জন বৰাক ৰাইজে আৱদ্ধ কৰি ৰখাৰ বাবে পৰৱৰ্তী সময়ত অধিক শোচনীয় হৈ পৰে অঞ্চলটোৰ পৰিস্থিতি ৷

উত্তেজিত ৰাইজৰ ভয়ংকৰ ৰূপ ধাৰণ

ইফালে এই ঘটনাৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী ৷ কিন্তু পৰিস্থিতি বিষম হোৱাত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীচালনাক কেৰেপ নকৰা ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে পৰৱৰ্তী সময়ত লাঠীচালনা কৰে ৷ আৰক্ষীয়ে নেতাগৰাকীক ক্ষুব্ধ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে যদিও আৰক্ষীৰ ভূমিকাত অধিক ক্ষুণ্ণ হৈ পৰা ৰাইজে জাজৰি থানাৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷ ফলত পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খায় ৷ প্ৰতিবাদকাৰীসকলৰ মাজৰ একাংশ উত্তেজিত লোকে সত্যৰঞ্জন বৰাক উদ্দেশ্যি শিলগুটি নিক্ষেপ কৰে ৷ অৱশেষত উত্তেজিত প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে মোতায়েন কৰে অৰ্ধ সামৰিক বাহিনী ৷ উল্লেখ্য যে,আৰক্ষীয়ে কৰা গুলীচালনাৰ ফলত আহত হয় কেইবাজনো লোক ৷ আহতসকলক ইতিমধ্যে চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৷ সম্প্ৰতি অঞ্চলটোত অব্যাহত আছে চেপা উত্তেজনা ৷

লগতে চাওকঃ মিজোৰাম সীমান্তৰ পৰিস্থিতি প্ৰধানমন্ত্ৰী তথা গৃহ মন্ত্ৰণালয়ক জনালে সোণোৱালে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.