ETV Bharat / state

কৃষক বঞ্চিত: নিগমৰ চৌহদতে পচিছে কুইন্টলে কুইন্টলে আলু-বাদামৰ বীজ

কৃষি বিভাগৰ গুদামত পচিছে কৃষকৰ বাবে আৱন্টিত বীজ ৷ কাৰ্যালয়ৰ চৌহদতে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ বীজ ৷ ছালে-বেৰে কোবোৱা উত্তৰ বিভাগীয় কৰ্মচাৰীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 10:21 PM IST

Updated : Jan 9, 2024, 10:39 PM IST

agriculture office Nagaon
agriculture office Nagaon
নিগমৰ চৌহদতে পচিছে কুইন্টলে কুইন্টলে আলু-বাদামৰ বীজ

নগাঁও, 9 জানুৱাৰী: কৃষকৰ উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত প্ৰকৃত কৃষকৰ উন্নয়ন হৈছেনে ? এই প্ৰশ্ন প্ৰাসংগিক হৈ পৰিছে বৰ্তমান সময়ত ৷ পি এম কৃষক সন্মান নিধি ৰূপায়নৰ সময়তে পোহৰলৈ আহিছিল কৃষি বিভাগত সংঘটিত এক ভয়ংকৰ কেলেংকাৰী ৷ যি কেলেংকাৰীয়ে তোলপাৰ লগাইছিল সমগ্ৰ অসমত ৷ বহু অকৃষকক স্বজন তোষণ নীতিৰ জড়িয়তে কৃষকৰ প্ৰাপ্য ধন প্ৰদান কৰা হৈছিল ৷ এই কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰো হৈছিল বহুকেইজন ৷ এইবাৰ নগাঁৱত পোহৰলৈ আহিছে বীজ কেলেংকাৰী ৷

প্ৰকৃত কৃষকক বীজ লাভৰ পৰা বঞ্চিত কৰা এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ কৃষি বিভাগৰ বীজ নিগম কাৰ্যালয়ত ৷ কৃষকক প্ৰদান কৰিবলৈ যোগান ধৰা বীজ পচিছে নিগমৰ কাৰ্যালয়ৰ গুদামত ৷ কুইন্টলে কুইন্টলে আলু, বাদামৰ বীজ নষ্ট হৈছে কৃষি বিষয়াৰ কাণ্ডজ্ঞানহীনতাৰ বাবে ৷ নিজৰ ব্যৰ্থতা ঢাকিবলৈ মাটিত পুতি নষ্ট হোৱা বীজসমূহ লুকুৱাৰ চেষ্টা কৰিছে বীজ নিগমৰ কৰ্মচাৰীয়ে ৷

কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীৰ মতে জিলা কৃষি বিষয়াই অনুমোদন দিয়া মতে কৃষকক বীজ বিতৰণ কৰা হৈছে । তাৰ পিছতো বৃহৎ পৰিমাণৰ বীজ মাটিত পুতি থোৱা বিষয়টো সন্দৰ্ভত ছালে-বেৰে কোবোৱা উত্তৰ দিলে কৰ্মচাৰীগৰাকীয়ে । ইফালে নগাঁৱৰ ছিলঙনীস্থিত বীজ নিগমৰ কাৰ্যালয়ত বস্তাই বস্তাই আলু, বাদামৰ বীজ মাটিৰ তলত পুতি থোৱাৰ সময়তেই কাৰ্যালয়টোৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ কৃষকেই চৰকাৰী বীজৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷

যি সময়ত চৰকাৰী বীজ লাভৰ পৰা প্ৰকৃত কৃষক বঞ্চিত হৈছে, তেনে সময়ত কাৰ্যালয়তে নষ্ট হোৱা বৃহৎ পৰিমাণৰ আলু আৰু বাদামৰ বীজ মাটিত পুতি থোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ । বিয়াগোম কৃষি বিভাগৰ একাংশ কৰ্মচাৰীয়ে কৃষকক বীজ বিতৰণৰ নামত কেলেংকাৰী সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰি বিভাগীয় মন্ত্ৰীক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ।

কৃষকক বঞ্চিত কৰি কাৰ্যালয়তে বৃহৎ পৰিমাণৰ আলু, বাদামৰ বীজ নষ্ট কৰা কাৰ্যৰ বিৰুদ্ধে বিভাগীয় মন্ত্ৰী অতুল বৰাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত অৱশ্যেই লক্ষণীয় হ’ব ।

লগতে পঢ়ক: ৰাহুল গান্ধী অবিবাহিত বাবেহে তেওঁ অসমলৈ আহিলে ভিৰ হ’ব: আজমল

Last Updated : Jan 9, 2024, 10:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.