ৰূপহীহাট, 20 মে' : ক'ভিডৰ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জাৰি কৰা ল'কডাউন, কাৰ্ফিউৱে দেশৰ লগতে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু ক্ষুদ্ৰ খেতিয়ক সকলৰ বাবে হাহাকাৰ পৰিবেশ সৃষ্টি কৰিছে ৷ ল'কডাউন তথা প্ৰশাসনে জাৰি কৰা কঠোৰ ক'ভিড প্ৰট'কলৰ বাবে বজাৰ তথা ব্যৱসায়ী সকলৰ ক্ষেত্ৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ যাৰ ফলস্বৰূপে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ক্ষুদ্ৰ খেতিয়ক সকল ৷
কপালৰ ঘাম মাটিত পেলাই কঠোৰ সংগ্ৰামেৰে জীৱন উদযাপন কৰা কৃষক ৰাইজৰ বাবে এই সময়ছোৱা অতি জটিল হৈ পৰিছে ৷ নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰীয়াৰ সুতিৰপাৰ, কাষৰি গাঁও, গদাইমাৰি, লালুং গাঁৱৰ কৃষক ৰাইজে বজাৰৰ অভাৱত এতিয়া উৎপাদিত সামগ্ৰীক লৈ হাহাকাৰ কৰিবলগীয়া হৈছে ৷
ক'ভিডৰ আতংক আৰু বজাৰৰ অভাৱৰ ফলত খেতি পথাৰতে গেলি-পচি গৈছে ৰূপহীহাট সমষ্টিৰ কৃষকৰ উৎপাদিত ফচল ৷ ইয়াৰ পৰিপেক্ষিতত উৎপাদিক ফচলৰ 80 শতাংশই পেলাই দিয়াৰ লগতে পোহনীয়া গৰু-ছাগলীক খোৱাবলৈ বাধ্য হৈ পৰিছে খেতি সকল ৷
তদুপৰি খেতিয়ক সকলে উচিত মূল্য লাভ কৰাটো বাদেই, প্ৰতিকেজি বিলাহী এটকা-দুটকাতে বিক্ৰী কৰিবলগীয়া হৈছে ৷ ইফালে, বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰাও কোনা সহাৰি বা সাহাৰ্য লাভ কৰা নাই খতিয়কলে ৷ ৰূপহীহাট সমষ্টিৰ প্ৰতিজন খেতিয়কেই এই পৰিস্থিতিত কিছু সাহাৰ্য দিবলৈ চৰকাৰক জনাইছে আহ্বান ৷