ETV Bharat / state

শিলঘাটত কালৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

author img

By

Published : Sep 21, 2020, 6:03 PM IST

শিলঘাটত লংগৰত উচ্চ ক্ষমতাসম্পন্ন ট্ৰেন্সফৰ্মাৰ কঢ়িওৱা এখন জাহাজ ৰখোৱাৰ পাচতে অঞ্চলটোত জটিল ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ৷

ব্ৰহ্মপুত্ৰৰ খহনীয়া
ব্ৰহ্মপুত্ৰৰ খহনীয়া

কলিয়াবৰ, 21 চেপ্তেম্বৰ: উচ্চ ক্ষমতাসম্পন্ন ট্ৰেন্সফৰ্মাৰ কঢ়িয়াই অনা জাহাজে শিলঘাটত লংগৰ পেলোৱাৰ পাচতেই ভয়াৱহভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৷ কলিয়াবৰৰ শিলঘাটৰ গড়কাপ্তানী পথৰ পৰা মাত্ৰ এশ মিটাৰ দুৰত্বৰ ব্ৰহ্মপুত্ৰ পাৰত হোৱা খহনীয়াই সম্প্ৰতি শংকিত কৰিছে স্থানীয় ৰাইজক ৷ যোৱা দুদিন ধৰি অব্যাহত থকা গৰাখহনীয়াই এতিয়া কালৰূপ লৈছে শিলঘাটৰ ৰবৰবাৰী অঞ্চলত ৷ বৃহৎ ভূ-খণ্ড খহি এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ৷

শিলঘাটত কালৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

অঞ্চলটোত গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে পাৰ্কুপাইনৰ ব্যৱস্থা কৰি আহিছে যদিও অঞ্চলটোত ৰোধ হোৱা নাই খহনীয়াৰ প্ৰকোপ ৷ খহনীয়া ৰোধৰ বাবে জল সম্পদ বিভাগৰ কেইবা কোটি টকাৰ পাৰ্কুপাইনৰ আঁচনিক অসাৰ প্ৰতিপন্ন কৰি শিলঘাটৰ ৰবৰবাৰী অঞ্চলত অব‍্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৷ অসম সমবায় মৰাপাট কলৰ সমুখৰ অশোকাষ্টমী মেলা পথাৰৰ বিস্তীৰ্ণ এলেকা জাহ গৈছে ব্ৰহ্মপুত্ৰৰৰ খহনীয়াত ৷ শেহতীয়াকৈ মৰিয়নীলৈ নিবল'গীয়া দুটা উচ্চ ক্ষমতাসম্পন্ন ট্ৰেন্সফৰ্মাৰ কঢ়িওৱা এখন জাহাজ ৰখাৰ স্থানত অধিক ভয়াৱহভাৱে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ ৷ স্থানীয় বাসিন্দাৰ মতে,যোৱা প্ৰায় দুই-ডেৰ মাহত হৈ থকা কম পৰিমাণৰ খহনীয়া এতিয়া শিলঘাটত জাহাজখন ৰখোৱাৰ পাচতেই ব্যাপক হাৰত বৃদ্ধি পাইছে ৷

উচ্চ ক্ষমতাসম্পন্ন ট্ৰেন্সফৰ্মাৰ কঢ়িওৱা এখন জাহাজ ৰখোৱাৰ পাচতে অঞ্চলটোত জটিল ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

লগতে পঢ়ক: দিহিংমুখত হঠাৎ মাছৰ উজান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.