ধিং,22 জুন: ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ নিচা জাতীয় সামগ্ৰীৰ বিৰোধী অভিযান ৷ শেহতীয়াকৈ আৰক্ষীৰ অভিযানত ৰাজ্যৰ প্ৰতিখন জিলাৰে বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰাকে ধৰি কৰি বিভিন্ন নিচা জাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে সোমবাৰে নিশা ধিঙৰ এটা মন্দিৰৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ গাঞ্জা ব্যৱসায়ত জড়িত হৈছে মন্দিৰৰ পুজাৰী ৷
উল্লেখ্য যে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সোমবাৰে নিশা ধিং আৰক্ষীয়ে বিশেষ অভিযান চলাইছিল ধিং নামডুমডুমীয়া সত্ৰৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰত ৷ অভিযানত মন্দিৰৰ ভিতৰৰ পৰা 20 কিলোগ্ৰাম ওজনৰ দুটাকৈ ভাঙৰ পেকেট জব্দ কৰে আৰক্ষীয়ে ৷ লগতে আটক কৰে দীৰ্ঘদিনৰ পৰা গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা মন্দিৰটোৰ পূজাৰী দেৱকান্ত নাথক ৷
আৰক্ষীয়ে জনোৱা অনুসৰি, মন্দিৰটোৰ সন্মুখতেই দীৰ্ঘদিনে গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল মন্দিৰৰ ভণ্ড পূজাৰী দেৱকান্ত নাথে৷ মন্দিৰটোত থাকি তথা পূজা-পাতল কৰাৰ চলেৰে চোৰাং ভাৱে গাঞ্জা বিক্ৰী কৰি অঞ্চলটোৰ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল এই গৰাকী পূজাৰীৰূপী গাঞ্জা বেপাৰীয়ে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দেৱকান্ত নাথক এই বৃহৎ পৰিমানৰ গাঞ্জা খিনি যোগান ধৰিছিল নগাঁৱৰ জেহিৰুল নামৰ এজন লোকে ৷
জব্দকৃত ভাং খিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ৷ ধিং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা অভিযানত ভাং খিনি জব্দ কৰাৰ লগতে মন্দিৰৰ পুজাৰী দেৱকান্ত নাথক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে ৷
উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত প্ৰতিখন জিলাতে আৰক্ষীয়ে তীব্ৰতৰ কৰিছিল ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত পোহৰলৈ আহিছিল ৰাজ্যত অব্যাহত থকা ড্ৰাগছ ব্যৱসায়ৰৰ ভয়াৱহ ছবি খন ৷ ইয়াৰ পাছৰে পৰা ক্ৰমাৎ অধিক তৎপৰ হৈ পৰিছে আৰক্ষী ৷ প্ৰতিদিনেই আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সহ ড্ৰাগছৰ সৰবৰাহকাৰী ৷
লগতে পঢ়কঃ আমচাঙৰ বেদখল উচ্ছেদ কৰা স্থানত বন বিভাগৰ গছপুলি ৰোপণ(PLANTATION)