ETV Bharat / state

কলিয়াবৰত ৩৭১ গৰাকী কীৰ্তিমান শিক্ষাৰ্থীক সম্বাৰ্ধনা - কলিয়াবৰ মহাবিদ্যালয়

কলিয়াবৰত উচ্চ মাধ্যমিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কীৰ্তিমান শিক্ষাৰ্থীক জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই জনালে অভিনন্দন ৷

কলিয়াবৰত ৩৭১ গৰাকী কীৰ্তিমান শিক্ষাৰ্থীক সম্বাৰ্ধনা
author img

By

Published : Jun 10, 2019, 4:32 AM IST

কলিয়াবৰ, 10 জুনঃ কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত দেওবাৰে সম্বাৰ্ধনা জনোৱা হয় উচ্চ মাধ্যমিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কীৰ্তিমান শিক্ষাৰ্থীক ৷ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই কীৰ্তিত্বৰে উত্তীৰ্ণ হোৱা কলিয়াবৰৰ সমষ্টিৰ শিক্ষাৰ্থী সকলক অভিনন্দন জনায় । মন্ত্ৰী কেশৱ মহন্তৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা এই অভিনন্দন অনুষ্ঠানত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ৩৭১ গৰাকী কীৰ্তিমান শিক্ষাৰ্থীক সম্বাৰ্ধনা জনোৱা হয় ৷

etv bharat
কলিয়াবৰত ৩৭১ গৰাকী কীৰ্তিমান শিক্ষাৰ্থীক সম্বাৰ্ধনা

মুঠ ৪১ খন শিক্ষানুষ্ঠানৰ এই অভিনন্দন অনুষ্ঠানত উচ্চ মাধ্যমিক শাখাত মুঠ ২২৭ গৰাকী, হাই মাদ্ৰাছাত ৭ গৰাকী আৰু উচ্চতৰ মাধ্যমিক শাখাত ১৩৭ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয় । উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষত এশ শতাংশ ফলাফল লাভ কৰা শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয় আৰু চেণ্ট ৰৱাৰ্টচ্ হাইস্কুলক স্থানীয় বিধায়ক উন্নয়ন পুঁজিৰ পৰা এক লাখ টকাৰ চেক অনুদান হিচাবে আগবঢ়োৱা হয় । অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ লগতে মূখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ তথা লেখিকা ড০ মালিনী গোস্বামী, উদীয়মান লিখক, শিক্ষক ড০ জয়ন্ত পাঠক ।

কলিয়াবৰত ৩৭১ গৰাকী কীৰ্তিমান শিক্ষাৰ্থীক সম্বাৰ্ধনা

উল্লেখযোগ্য যে, বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰে পৰা উচ্চ মাধ্যমিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক ২০০৬ চনৰ পৰা কেশৱ মহন্তই ধাৰাবাহিকভাৱে চৈধ্য বছৰে উৎসাহ যোগাই আহিছে ।

Intro:ভাৰতীয় প্ৰসঙ্গত ধৰ্ম মানে ধৰ্মীয় চিন্তা ধাৰা নহয়। ভাৰতীয় প্ৰসঙ্গত অহিংসাহে পৰম ধৰ্ম।শিক্ষাৰ্থীৰ বাবে শ্ৰৱন, মনন আৰু নিদ্ধ‍্যাসন দৈনিক তিনি কৰ্ম অতি প্ৰয়োজন
– কলিয়াবৰৰ অভিনন্দন অনুষ্ঠানত ড০ মালিনী গোস্বামী

কলিয়াবৰত উচ্চ মাধ‍্যমিক, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ‍্যমিক পৰীক্ষাৰ কীৰ্তিমান শিক্ষাৰ্থীক জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই জনালে অভিনন্দনBody:কলিয়াবৰ মহাবিদ‍্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অভিনন্দন অনুষ্ঠানত অভিনন্দন জনাই স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী উচ্চ মাধ‍্যমিক, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ‍্যমিক পৰীক্ষাত কীৰ্তিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থীক। মন্ত্ৰী কেশৱ মহন্তৰ ব‍্যৱস্থাপনাত অনুষ্ঠিত আজিৰ এই অভিনন্দন অনুষ্ঠানত কলিয়াবৰ বিধান সভা সমষ্টিৰ মুঠ ৩৭১ গৰাকী কীৰ্তিমান শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়। অভিনন্দন অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ লগতে মূখ‍্য অতিথি ৰূপে উপস্থিত থকে শিষ্ট শিক্ষাবিদ তথা লেখিকা ড০ মালিনী গোস্বামী, উদীয়মান লিখক, শিক্ষক ড০ জয়ন্ত পাঠক। অভিনন্দন সভাত সভাপতিত্ব কৰে কলিয়াবৰ মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ড০ হিৰণ‍্য কুমাৰ চলিহাই। লগতে কলিয়াবৰৰ বিশিষ্ট গণ-মান‍্য ব‍্যক্তি তথা কীৰ্তিমান শিক্ষাৰ্থী অধ‍্যয়নৰত বিদ‍্যালয়সমূহৰ অধ‍্যক্ষ আৰু বিদ‍্যালয় প্ৰধানসকল। মুঠ ৪১ খন শিক্ষানুষ্ঠানৰ আজিৰ এই অভিনন্দন অনুষ্ঠানত উচ্চ মাধ‍্যমিক শাখাত মুঠ ২২৭ গৰাকী, হাইমাদ্ৰাছাত ৭ গৰাকী আৰু উচ্চতৰ মাধ‍্যমিক শাখাত ১৩৭ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়। উচ্চ মাধ‍্যমিক চুড়ান্ত পৰীক্ষত এশ শতাংশ ফলাফল লাভ কৰা শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয় আৰু চেণ্ট ৰৱাৰ্টচ্ হাইস্কুলক স্থানীয় বিধায়ক উন্নয়ন পুঁজিৰ পৰা এক লাখ টকাৰ চেক অনুদান
হিচাবে আগবঢ়োৱা হয়।
উল্লেখযোগ‍্য যে, বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰে পৰা উচ্চ মাধ‍্যমিক, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ‍্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক ২০০৬ চনৰ পৰা কেশৱ মহন্তই ধাৰাবাহিকভাৱে যোৱা চৈধ‍্য বছৰে উৎসাহ যোগাই আহিছে।Conclusion:visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.