ETV Bharat / state

বুকুত মাতৃ বিয়োগৰ বেদনা লৈ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী ছাত্ৰ

author img

By

Published : Mar 25, 2022, 8:58 PM IST

৮ বছৰ পূৰ্বেই পিতৃক হেৰুওৱা এজন ছাত্ৰই পৰীক্ষাৰ মাজতেই হেৰুৱালে মাতৃক (HS exam candidate losses his mother during exams) । মাতৃক হেৰুৱাৰ কঠিন বেদনা বুকুত লৈয়েই পৰীক্ষাত বহিল কংকনজ্যোতি বৰা নামৰ ছাত্ৰগৰাকী । উচ্চ শিক্ষাগ্ৰহনৰ সপোন দেখা মেধাসম্পন্ন ছাত্ৰগৰাকীৰ ওপৰত এতিয়া পৰিয়াল পোহ-পালৰো দায়িত্ব ।

Mother passes away during examination
বুকুত মাতৃ বিয়োগৰ বেদনা লৈ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী ছাত্ৰ

নগাঁও, 25 মাৰ্চ: এক কৰুণ পৰিস্থিতিৰ সন্মুখীন উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ এগৰাকী মেধাৱী পৰীক্ষাৰ্থী (sad story of HS exam candidate) । ৮ বছৰ পূৰ্বেই পিতৃক হেৰুওৱা ছাত্ৰগৰাকীয়ে পৰীক্ষাৰ মাজতেই হেৰুৱালে মাতৃক । মাতৃক হেৰুৱাৰ কঠিন বেদনা বুকুত লৈয়েই পৰীক্ষাত বহিল কংকনজ্যোতি বৰা নামৰ ছাত্ৰগৰাকী ।

উচ্চ শিক্ষাগ্ৰহনৰ সপোন দেখা মেধাসম্পন্ন ছাত্ৰগৰাকীৰ ওপৰত এতিয়া পৰিয়াল পোহ-পালৰো দায়িত্ব । এনে এক কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা ছাত্ৰগৰাকীক সহায়ৰ বাবে মামাখ্যাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান স্থানীয় লোকৰ । বহু ভাগিনে লাভ কৰিছে মামাখ্যাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মৰম । বহু ভাগিনক আমোদ প্ৰমোদ দিছে মামা হিমন্তই ।

এইবাৰ সংকটকালত মামাৰ অকণমান সহায়ৰ প্ৰয়োজন হৈছে এজন ভাগিনৰ (HS exam candidate needs CM Himanta's concern) । এইজন ভাগিনৰ নাম কংকনজ্যোতি বৰা । অতি মেধাসম্পন্ন এইজন কংকনজ্যোতি বৰা অৱতীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত । সপোন উচ্চ শিক্ষা গ্ৰহণৰ । সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ভায়েকসহ কংকনজ্যোতি বৰাৰ শিক্ষাৰ খৰছৰ লগতে পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব লৈছিল মাতৃয়ে ।

৮ বছৰ পূৰ্বেই পৰিয়ালটো পোহপাল দিয়া কংকনজ্যোতিৰ পিতৃৰ বিয়োগ হৈছিল । পিতৃ বিয়োগৰ পিছতেই মাতৃয়ে ল’বলগীয়া হৈছিল পৰিয়ালৰ সমস্ত দায়িত্ব । তাঁতশালত কাপোৰ বৈয়েই ভাতমুঠি যোগাৰ কৰাৰ উপৰিও দুই সন্তানক শিক্ষিত কৰাৰ লক্ষ্যৰে কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হৈছিল মাতৃ । কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস!

হাইস্কুল শিক্ষান্ত পৰীক্ষাত কীৰ্তিত্বৰে উত্তীৰ্ণ হোৱা কংকনজ্যোতি বৰাই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ মাজতে বিয়োগ ঘটে পৰিয়ালটোৰ একমাত্ৰ উপার্জনকাৰী মাতৃৰ । মাতৃৰ বিয়োগত একপ্ৰকাৰ দিশহাৰা হৈ পৰে কংকনজ্যোতি বৰা । শোকত ভাগি পৰা কংকনজ্যোতি বৰাৰ কাষত আন একাংশৰ লগতে প্ৰতিবেশী মিন্টু শইকীয়া নামৰ এইগৰাকী সমাজকৰ্মীও থিয় হয় ৷

ইটিভি ভাৰতৰ সন্মুখত কংকনজ্যোতি বৰাৰ দুখ বৰ্ণাবলৈ গৈ উচুপি উঠা মিন্টু শইকীয়াই মুখ্যমন্ত্ৰীক জনাইছে কাতৰ অনুৰোধ । পৰিয়ালটোৰ সকলো উপাৰ্জনৰ পথ বন্ধ হোৱাৰ পিছতো উচ্চ শিক্ষা গ্ৰহণৰ সপোন দেখা এই দুই ভাগিনৰ শিক্ষাৰ দায়িত্ব লওঁক মামা হিচাপে জনপ্ৰিয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

সম্প্ৰতি ঘাত-মাউৰা দুই ভাতৃৰ দায়িত্বত আছে উপার্জনহীন এগৰাকী বৰমাক । এতিয়া প্ৰশ্ন হয় আন ভাগিনৰ সৈতে ৰং ৰহইচ কৰা মামা হিমন্ত বিশ্ব শৰ্মাই সহায় কৰিব নে এইজন কংকনজ্যোতি বৰাক? নে আধাতে মৰহি যাব কংকনজ্যোতি বৰাৰ উচ্চ শিক্ষাৰ সপোন ?

লগতে পঢ়ক: The Kashmir Files: দ্য কাশ্মীৰ ফাইলচক লৈ ব্যস্ততা বাঢ়িছে চৰকাৰী বিষয়া-আমোলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.