ETV Bharat / state

Crime against women: অসমত ৮ মাহত ধৰ্ষণৰ বলি হৈছে ৬৩৫ গৰাকী নাৰী; গণতান্ত্ৰিক মহিলা সমিতি - নাৰী নিৰ্যাতন

নাৰী সংৰক্ষণ বিধেয়ক গৃহিত হোৱাৰ সময়তে নাৰীৰ সুৰক্ষাৰ দাবীত নগাঁৱত প্ৰতিবাদ । নাৰী সুৰক্ষাৰ দাবীত নগাঁৱত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ বিক্ষোভ । অসমত বিগত ৮ মাহত ধৰ্ষণৰ বলি হৈছে ৬৩৫ গৰাকী নাৰী; গণতান্ত্ৰিক মহিলা মহিলা সমিতি ৷

Crime against women
Crime against women
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 3:07 PM IST

নাৰীৰ সুৰক্ষাৰ দাবীত নগাঁৱত প্ৰতিবাদ

নগাঁও, 20 ছেপ্টেম্বৰ: নাৰী সংৰক্ষণ, নাৰী নিৰ্যাতন বন্ধ আৰু নাৰীৰ অধিকাৰৰ বাবে ১৯৮১ চনৰ পৰাই দাবী জনাই অহা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে বুধবাৰে নগাঁৱত সাব্যস্ত কৰে বিক্ষোভ কাৰ্যসূচী ।

সংসদত নাৰী সংৰক্ষণৰ বিধেয়ক গৃহীত হোৱাৰ সময়তে নাৰী নিৰ্যাতন আৰু নাৰীৰ অধিকাৰৰ দাবীত নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰে গণতান্ত্ৰিক মহিলা সমিতিৰ নগাঁও জিলা সমিতিয়ে ।

১৯৮১ চনৰে পৰা নাৰী সংৰক্ষণ, নাৰী নিৰ্যাতন আৰু নাৰীৰ অধিকাৰ এই তিনিটা দাবীত বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও স্বাধীনতাৰ ৭৬ বছৰ পাছতো তেওঁলোকৰ দাবী পূৰণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰে মহিলা সংগঠনটোৱে ।

নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসম শীৰ্ষত থকা বুলি দাবী কৰি ৰাজ্যখনত ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ আগষ্টলৈকে ৬৩৫ গৰাকী নাৰী ধৰ্ষিতা হোৱাৰ তথ্যও দাঙি ধৰে মহিলা সংগঠনটোৱে । ইফালে, মণিপুৰত নাৰীক বিবস্ত্ৰ কৰি সমদল কৰা, হাৰিয়ানাৰ নাৰী নিৰ্যাতনৰ প্ৰসংগও উল্লেখ কৰি সম্প্ৰতি অসমতো নাৰীৰ সুৰক্ষা নথকা বুলি উল্লেখ কৰে গণতান্ত্ৰিক মহিলা সমিতিৰ নগাঁও জিলা সমিতিয়ে ।

অসমত সম্প্ৰতি নিৰ্যাতনৰ বলি হৈ নিশা আৰক্ষীৰ কাষ চপা মহিলা-গাভৰু আৰক্ষীৰ দ্বাৰাও নিৰ্যাতন হোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । যাৰ বাবে নাৰীৰ সংৰক্ষণৰ লগতে নাৰীৰ সুৰক্ষা আৰু অধিকাৰ প্ৰদানৰ দাবীত পুনৰ ৰাজপথলৈ ওলাই আহিবলগীয়া হোৱা বুলিও মন্তব্য কৰে মহিলা সংগঠনটোৱে ।

আনহাতে চৰকাৰে বহু মহিলাক আশা কৰ্মী অথবা অংগনৱাড়ী কৰ্মী হিচাবে নিযুক্তি দিছে যদিও উচিত মাননি প্ৰদান নকৰাৰো অভিযোগ তুলিছে নাৰী সংগঠনটোৱে ।

লগতে পঢ়ক: Womens Reservation Bill: লোকসভাত নাৰী সংৰক্ষণ বিধেয়ক বিতৰ্কৰ নেতৃত্বত ছোনিয়া গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.