নগাঁও, 30 ডিচেম্বৰ : এইবাৰ আনন্দ মিশ্ৰ(IPS Ananda Mishra) বাহিনীৰ অভিযানত এগৰাকী গৃহৰক্ষী জোৱানৰ ঘৰৰ পৰা সজীৱ গুলীৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ(Drugs and ammunition seized from home guard ) হোৱা ঘটনাই সমগ্ৰ নগাঁৱতে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। বুধবাৰে নিশা নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলায় বটদ্ৰৱাৰ ধনীয়াভেটি অঞ্চলত ।
হোজাই জিলাৰ লংকাৰ উদালি আৰক্ষী থানাত গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত মজিবুৰ ৰহমানৰ ঘৰত চলোৱা অভিযানত আৰক্ষীৰ দলটোৱে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ দলটোৱে গৃহৰক্ষী জোৱানজনৰ পৰা দহজাঁইকৈ সজীৱ গুলীও জব্দ কৰিবলৈ সক্ষম হয় । হোজাই আৰক্ষীত গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত মজিবুৰ ৰহমানক পিছত বাসগৃহৰ পৰাই আটক কৰে আৰক্ষীৰ দলটোৱে (Home guard arrested for involvement with drugs) ।
হোজাই আৰক্ষীৰ গৃহৰক্ষী জোৱান মজিবুৰ ৰহমান ড্ৰাগছ ব্যৱসায়(Home guard involved in drugs business)ৰ লগতে অইন অপৰাধৰ সৈতেও জড়িত থকাৰ সন্দেহ কৰিছে একাংশই । গৃহৰক্ষী জোৱানৰ ঘৰৰ পৰাই ড্ৰাগছ আৰু সজীৱ গুলী উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষীয়ে অব্যাহৰ ৰাখিছে অনুসন্ধান । অসম আৰক্ষীত কৰ্মৰত গৃহৰক্ষী জোৱানৰ ঘৰৰ পৰা ড্ৰাগছৰ লগতে সজীৱ গুলী উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ।
লগতে পঢ়ক : Illegal liquor seized : ৰাজ্যত ঠায়ে ঠায়ে জব্দ নিষিদ্ধ সুৰা