ETV Bharat / state

Holi celebration with natural ingredients: নগাঁৱত প্ৰাকৃতিক উপাদানেৰে হোলী উদযাপন

author img

By

Published : Mar 7, 2023, 8:13 AM IST

নগাঁও মহাবিদ্যালয়ৰ অধ্যাপকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে হোলীত লৈছে এক বিশেষ পদক্ষেপ ৷ মহাবিদ্যালয়খনৰ লগতে নগাঁও পৌৰসভাইও হোলী উদযাপনত এইবাৰ বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে (Green Holi celebration in Nagaon) ৷

Holi celebration with natural ingredients
ৰাসায়নিক ৰঙৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উদযাপন
হোলী উদযাপনৰ প্ৰস্তুতি

নগাঁও, 7 মাৰ্চ : বৰ্তমান সময়ত পৰিৱেশ প্ৰদূষণ, বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ আদিৰ প্ৰতি লক্ষ্য ৰাখি সময়ে সময়ে সজাগতা সভা অনুষ্ঠিত হৈ আহিছে ৷ প্ৰদূষণৰ মাত্ৰাই আজিকালি মানুহক ভাবিবলৈ বাধ্য কৰাইছে যে এই গতিত প্ৰদূষণ বাঢ়ি গৈ থাকিলে ভৱিষ্যত প্ৰজন্মৰ বাবে এই ধুনীয়া পৃথিৱীখনত কি থাকিবগৈ ?

প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি সমাজ সচেতন বহু ব্যক্তিয়ে বহুখিনি কৰিছে যদিও কেতিয়াবা কোনোবাখিনিত আমি হাতে-কামে কৰিবলৈ এলাহ অনুভৱ কৰো বা কথাটো গুৰুত্ব সহকাৰে নলওঁ ৷ সন্মুখত ৰঙৰ উৎসৱ ফাকুৱা । ফাকুৱা উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি নানা ৰাসায়নিক ৰঙেৰে ভৰি পৰিছে বজাৰ এইবাৰ নগাঁও মহাবিদ্যালয়ে হোলীৰ প্ৰাকমুহূৰ্তত ল’লে এক বিশেষ আদৰণীয় পদক্ষেপ ৷ প্ৰাকৃতিক ৰঙেৰে মহাবিদ্যালয় চৌহদত অধ্যাপক তথা ছাত্ৰ-ছাত্ৰীয়ে মিলি উদযাপন কৰিলে ফাকুৱা উৎসৱ ।

বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ৰাসায়নিক ৰঙৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উদযাপন কৰিবলৈ সকলোকে আহ্বান জনালে নগাঁও মহাবিদ্যালয় কৰ্তৃপক্ষই । মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰাকৃতিক ৰঙেৰে উদযাপন কৰে ফাকুৱা উৎসৱ । সমান্তৰালকৈ নগাঁও প্ৰেছ ক্লাৱত প্ৰাকৃতিক ৰঙেৰে ফাকুৱা উদযাপনৰ সজাগতা সভা পাতে নগাঁও পৌৰ সভাই ।

এফালে ৰঙৰ উৎসৱ ফাকুৱা, আনফালে বায়ু প্ৰদূষণে ধাৰণ কৰিছে ভয়াৱহ ৰূপ । বায়ু প্ৰদূষণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাঁও মহাবিদ্যালয়ত প্ৰাকৃতিক ৰঙেৰে উদযাপন কৰা হয় ফাকুৱা উৎসৱ । "বজাৰৰ কেমিকেলযুক্ত ৰঙৰে নহয় এইবাৰ হোলী খেলক প্ৰাকৃতিক ৰঙেৰে", এই বাৰ্তা বিলাই দিয়াৰ উদ্দেশ্যে নগাঁও মহাবিদ্যালয়ৰ লগতে নগাঁও পৌৰ সভাই গ্ৰহণ কৰিছে এই উল্লেখনীয় পদক্ষেপ ।

ছালৰ উপকাৰী হালধি, বেচন, মুলতানী মাটিৰ লগতে বীট, গাজৰ আদিৰে তৈয়াৰী প্ৰাকৃতিক হোলীৰে এইবাৰৰ হোলী উদযাপন কৰাৰ আহ্বানৰে নগাঁও মহাবিদ্যালয়ৰ এনএছএছ গোটে আয়োজন কৰিলে গ্ৰীণ হোলীৰ (Holi celebration with natural ingredients) । এই অনুষ্ঠানত সহযোগ কৰিলে নগাঁও পৌৰসভাইও (Nagaon municipality holi celebration) ।

আনহাতে নগাঁও পৌৰসভাই নগাঁও প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ সৈতে উদযাপন কৰিলে গ্ৰীণ হোলী (Green holi celebration in Nagaon) । বজাৰত উভৈনদী হোৱা প্লাষ্টিকৰ ফিচকাৰীৰ সলনি বাঁহৰ ফিচকাৰী ব্যৱহাৰ কৰাৰ আহ্বানৰে সাংবাদিকসকলৰ মাজত বিতৰণ কৰিলে বাঁহৰ ফিচকাৰী ।

এইদৰেই হোলীৰ প্ৰাকক্ষণত প্ৰাকৃতিক আবিৰৰ ৰঙৰে ৰঙীণ হৈ পৰিল নগাঁও চহৰৰ বিভিন্ন স্থান । আবিৰৰ ৰঙে ধুই নিয়ক সমাজৰ সকলো মলিনতা সেই কামনাৰেই কাইলৈ দেশৰ বিভিন্ন স্থানত উদযাপিত হ'ব ৰঙৰ উৎসৱ হোলী ৷

লগতে পঢ়ক : Holika Dahan 2023: ৬ নে ৭ মাৰ্চ কেতিয়া হ'ব এইবাৰৰ হোলী কা দহন ? জানি লওক শুভ মহুৰত তথা পূজা বিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.