কলিয়াবৰ, 11 জুলাইঃ স্বৰ্গনাৰায়ণ প্ৰতাপ সিংহৰ ৰাজত্বকালতে অসম বুৰঞ্জীৰ পাতত কলিয়াবৰৰ নাম সন্নিবিষ্ট কৰিলে সোণালী আখৰেৰে ৷ শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ কৰা চেষ্টাৰ প্ৰমাণ এতিয়াও সুস্পষ্ট কলিয়াবৰত ৷ কলিয়াবৰত নিৰ্মিত চামধৰা গড়, ৰাঙলু গড়, শ্যামলা গড়, চটাই আলি, ৰাঙলু বাহৰ আদিয়ে ৰিঙিয়াই আহোম যুগৰ ইতিহাস ৷ আহোম ৰাজত্বকালত কলিয়াবৰৰ ভিন্ন স্থানতে সুদৃঢ় কৰি তোলা হৈছিল প্ৰতিৰক্ষাৰ সকলো দিশ ৷ ১৫৫২ চনৰ তুৰ্বকৰ আক্ৰমণৰ পৰা ১৮২৬ চনত মানক ইংৰাজৰে খেদি পঠিওৱাৰ পিচত আহোম ৰাজত্বৰ বেলি ডুবাৰ মূহুৰ্তলৈকে, কলিয়াবৰ পৰিগণিত হৈ আহিছিল আহোম যুগৰ ৰণথলী হিচাপে ৷
ইয়াৰোপৰি কলিয়াবৰৰ জখলাবন্ধা সত্ৰতে ল'ৰা ৰজাৰ অত্যাচাৰৰ পৰা পলাই ছদ্মবেশত আহি থিতাপি লৈছিল গদাপাণি কোঁৱৰে ৷ কলিয়াবৰৰ চামধৰা গড়ৰ কাষৰ সৰিয়হতলিতে কৰোৱা হৈছিল গদাপাণিৰ ৰাজ অভিষেক ৷ শিৱসিংহৰ ৰাজত্বকালত কলিয়াবৰত নিৰ্মাণ কৰা হ'ল সৌভাগ্য মাধৱ, দুলাল মাধৱ, বাসুদেৱ দেৱালয়কে আদি কৰি কেবাটাও দৌল-দেৱালয় ৷ পৰৱৰ্তী সময়ত শ্ৰীপ্ৰমত্ত সিংহৰ ৰাজত্বকালত শিলঘাটত শ্ৰীশ্ৰী কামাখ্যা দেৱালয় আৰু হাতীমূৰাৰ মহিষমৰ্দিনী দুৰ্গা মন্দিৰ নিৰ্মাণ কৰি কলিয়াবৰক দিয়া হ'ল আন এক নতুন ৰূপ ৷
কেৱল ইমানেই নহয় ৷ কলিয়াবৰতে তুৰ্বকৰ সৈতে হোৱা যুদ্ধত প্ৰাণ হেৰুৱাইছিল ফ্ৰা-চেং-মুং বৰগোহাঞিয়ে ৷ তেওঁৰ পত্নী মূলাগাভৰুৱে স্বামীৰ মৃত্যুৰ পোটক তুলিবলৈ কলিয়াবৰতে তুৰ্বকৰে ৰণ লাগি নিজৰ প্ৰাণ আহুতি দিছিল ৷ যিটো হয়তো মধ্য যুগৰ ইতিহাসতেই এক বিৰল ঘটনা ৷ মূলাগাভৰুৰ লগতে প্ৰাণ ত্যাগ কৰা আন কুৰি গৰাকী আহোম সেনানীৰ মুণ্ডহীন গাঁৰি বা দেহ মৈদাম দিয়া হৈছিল কলিয়াবৰৰ গাঁৰিকুৰি গাঁৱত ৷
আহোম ৰাজত্বকালৰ ৰাজ পৰিয়ালৰ বহু লোকৰে মৈদাম আছে কলিয়াবৰত ৷ যিয়েত যুগে যুগে বহন কৰি আহিছে ইতিহাসৰ স্বাক্ষৰ ৷ কিন্তু সম্প্ৰতি সেই ইতিহাসৰ স্বাক্ষৰ ধূসৰিত হোৱাৰ দিশে ৷ ইতিমধ্যেই সংৰক্ষণৰ অভাৱত জহি খহি গৈছে কলিয়াবৰৰ কেইবাটাও ইতিহাস প্ৰসিদ্ধ আহোম যুগৰ সমল ৷ ঐতিহ্যমণ্ডিত কলিয়াবৰৰ অন্যতম ঐতিহ্য ভঁৰালী বৰুৱা পুখুৰী, কমলা কুঁৱৰীৰ ত্যাগৰ চানেকী, আহোম যুগৰ বিভিন্ন স্থাপত্য-ভাস্কৰ্য্য, দৌল, গড়সমূহ আজি বেদখলৰ গৰাহত নিচিহ্ন হোৱাৰ পথত ৷ ইতিমধ্যে এই কীৰ্তি চিহ্নসমূহ সংৰক্ষণৰ বাবে ওলাই অহা আহোম ৰয়েল চছাইটি কলিয়াবৰ জিলা সমিতিয়ে বহু চেষ্টা কৰি বেদখলৰ পৰা বহু স্থান মুক্ত কৰিছে ৷ লগতে স্থানীয় বিধায়ক কেশৱ মহন্তৰ তৎপৰতাত হাটবৰত মূলাগাভৰুৰৰ স্মৃতিসৌধ নিৰ্মাণ কৰিছে ৷
স্থানীয় জন প্ৰতিনিধিক এই কীৰ্তি চিহ্ন সমূহ সংৰক্ষণৰ বাবে বিভিন্ন সময়ত আহ্বান জনাই আহিছে যদিও, বৰ্তমানো সম্পূৰ্ণ হৈ উঠা নাই সেই কাম ৷ স্থানীয় লোকৰ বিশ্বাস জন প্ৰতিনিধিয়ে দিয়া আশ্বাসৰ তেওঁলোকে এই ঐতিহাসিক সমল ৰক্ষাৰ্থে পদক্ষেপ গ্ৰহণ কৰিব ৷
লগতে পঢ়কঃ কেনেদৰে চলিছে ৰণথলীৰ কেঁচা সোণৰ অসমীয়া গহণাৰ উদ্যোগ