ETV Bharat / state

আমাতকৈও গাধ ছাত্ৰ-ছাত্ৰী কেনেকৈ উত্তীৰ্ণ হ'ল: কিয় এনেদৰে প্ৰশ্ন কৰিলে সহপাঠীয়ে ?

author img

By

Published : Jul 30, 2021, 10:31 PM IST

নিজ ইচ্ছামতেই উত্তীৰ্ণ-অনুত্তীৰ্নৰ খেল খেলিছে নেকি বিদ্যালয়ৰ শিক্ষকসকলে ? নগাঁৱত উৎকোচৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰোৱাৰ অভিযোগ ৷ নগাঁৱত এখন বিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীক প্ৰধান শিক্ষয়িত্ৰীয়ে নিজ পছন্দ অনুযায়ী উত্তীৰ্ণ কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে ।

heated-situation-at-a-school-in-nagaon-over-exam-results-etv-bharat-assam-news
ছাত্ৰ - ছাত্ৰীৰ প্ৰশ্ন : আমাতকৈও গাধ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'ল কেনেকৈ?

নগাঁও, 30 জুলাই : পৰীক্ষাৰ ফলাফলক লৈ নগাঁৱৰ এখন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। উৎকোচৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰোৱাৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ । নগাঁৱত প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ক্ষুব্ধ ছাত্ৰ ছাত্ৰী। আমাতকৈও গাধ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ কেনেকৈ হ'ল ? অসমীয়া পঢ়িব নজনা ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ কেনেকৈ হ'ল? আমি কিয় ফেইল কৰিম? এনেদৰে প্ৰশ্ন কৰি নগাঁৱত প্ৰধান শিক্ষয়িত্ৰীক থকা সৰকা কৰিলে একাংশ অনুত্তীৰ্ন ছাত্ৰ-ছাত্ৰীয়ে ।

পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে ঘোষণা কৰা ফলাফলক লৈ নগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। নগাঁৱৰ শেনচোৱা অমৰ বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এইসকল ছাত্ৰ-ছাত্ৰীয়ে ফলাফল ঘোষণাৰ দিনাই উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে বিদ্যালয়খনত । বিদ্যালয়খনৰ 28 গৰাকী ছাত্ৰ-ছাত্ৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল। কিন্তু ইয়াৰে মাত্ৰ 8 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে অনুত্তীৰ্ন হয়।

পৰীক্ষা অনুষ্ঠিত নকৰিলেও মূল্যায়নৰ ভিত্তিত প্ৰস্তুত কৰা ফলাফলত পূৰ্বৰ সকলো অভিলেখ কৰিছে উত্তীৰ্ণৰ হাৰে। মূল্যায়নৰ ভিত্তিত ছেবাই নিৰ্ণয় কৰা ফলাফলক লৈ সন্তুষ্ট নহয় নগাঁৱৰ শেনচোৱাৰ অমৰ বৰকাকতি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে বিদ্যালয়খনৰ অনুত্তীৰ্ন ছাত্ৰ-ছাত্ৰীসকল । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নত বিসংগতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ অনুত্তীৰ্ন ছাত্ৰ-ছাত্ৰীয়ে।

বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীক প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে নিজ পছন্দ অনুযায়ী উত্তীৰ্ণ কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে । আনকি প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে উৎকোচ লৈ একাংশ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰোৱাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ বিপৰীতে এই অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে । অভিযোগ, প্ৰতি-অভিযোগৰ মাজতেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে একাংশ সচেতন লোকৰ মাজত ।

লগতে পঢ়ক:মেট্ৰিকৰ ফলাফল : 99.40 শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বিশ্বনাথ জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.