ETV Bharat / state

চাহ বাগিচাত আদৰ্শ বিদ্যালয়ঃ উদ্বোধনৰ পূৰ্বেই ভাঙি পৰিল বিদ্যালয়ৰ চিলিং

author img

By

Published : May 26, 2022, 8:07 PM IST

অসম চৰকাৰৰ হৈ শগুনবাহী, পুৰণা শালনা, কেলিডেন আৰু ডিজুভেলী চাহ বাগিচা আদৰ্শ বিদ্যালয় চাৰিখনৰ শুভ উদ্ধোধন কৰে মন্ত্ৰী কেশৱ মহন্তই(Health Minister inaugurates high schools in tea estates) ৷ কিন্তু উদ্বোধন কৰাৰ পূৰ্বেই ভাঙি ওলমিল বিদ্যালয়ৰ চিলিং ৷ বিসংগতিপূৰ্ণ নিৰ্মাণকাৰ্য সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্ত প্ৰতিক্ৰিয়া প্ৰকাশ ৷

health-minister-inaugurates-high-schools-in-tea-estates-at-samaguri
চামগুৰিৰ চাহ বাগিচা আদৰ্শ বিদ্যালয় উদ্বোধনৰ পূৰ্বেই ভাঙি ওলমিল বিদ্যালয়ৰ চিলিং

চামগুৰি, 26 মে' : চাহ বাগিছা অঞ্চলত শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিলে অসম চৰকাৰে ৷ ইতিমধ্যে, ৩ দিনৰ ভিতৰত ৰাজ্যৰ ৯৬ খনকৈ মডেল স্কুলৰ শুভাৰম্ভণি ৰাজ্য চৰকাৰে ।

তেনেদৰে বৃহস্পতিবাৰে অসম চৰকাৰৰ হৈ চাৰিখনৰ আদৰ্শ বিদ্যালয় ক্ৰমে শগুনবাহী, পুৰণা শালনা, কেলিডেন আৰু ডিজুভেলী আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshab Mahanta inaugurates high schools in tea estates)।

কিন্তু ইয়াতেই লাগিল অথন্তৰ ৷ চামগুৰিৰ পুৰণা শালনাত মন্ত্ৰী মহন্তই উদ্বোধন কৰাৰ পূৰ্বেই ভাঙি ওলমিল বিদ্যালয়ৰ চিলিং ৷ কেৱল সেয়াই নহয় বিদ্যালয়খনৰ খিৰিকীৰ কাঁচ, মজিয়াৰো তথৈবচ অৱস্থা ৷

ইফালে, বিসংগতিপূৰ্ণ নিৰ্মাণকাৰ্য সন্দৰ্ভত সংবাদমাধ্যমে কৰা প্ৰশ্নৰ উত্তৰত বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰলৈ মন্ত্ৰীগৰাকীয়ে কঠোৰ সকিয়নি প্ৰদান কৰে ।

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ জৰাজীৰ্ণ ৰূপ সন্দৰ্ভত মন্ত্ৰীগৰাকীক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ ৰাজ্যৰ কোনো ঠাইতে ৰাষ্ট্ৰীয় ঘাইপথ জৰাজীৰ্ণ অৱস্থাত নাই বুলি আশ্বৰ্যজনক মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত আটাইকে কঠোৰতম শাস্তি প্ৰদান কৰক : শৃংখল চলিহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.