ETV Bharat / state

ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ কলিয়াবৰত স্বাস্থ্যমন্ত্ৰী

author img

By

Published : May 30, 2021, 7:38 PM IST

কলিয়াবৰত উপস্থিত হৈ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । কলিয়াবৰ মহকুমা প্ৰশাসন, স্বাস্থ্য বিভাগৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ।

kaliabar
ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ কলিয়াবৰত স্বাস্থ্যমন্ত্ৰী

কলিয়াবৰ,৩০ মে': কলিয়াবৰৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে নিশা কলিয়াবৰ মহকুমা কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এক জৰুৰী বৈঠকৰ আয়োজন কৰে । কলিয়াবৰ মহকুমা প্ৰশাসন, স্বাস্থ্য বিভাগৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী । কলিয়াবৰৰ ক'ভিড সংক্ৰমণৰ হাৰ আৰু কন্টেইনমেন্ট জ'নত আৱদ্ধ লোকসকলৰ বিষয়ে বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

সমান্তৰালকৈ কলিয়াবৰৰ ২৩ খন চাহ বাগিচাৰ ক'ভিড পৰিস্থিতিৰো বুজ লয় স্বাস্থ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে প্ৰতিদিনে ১০ ৰ পৰা ২০ গৰাকীকৈ ৰোগীক ফোন কৰাৰ যি প্ৰক্ৰিয়া হাতত লৈছে তাৰ অংশীদাৰ হ'বলৈ জিলা উপায়ুক্ত, মহকুমাধিপতি, চক্ৰবিষয়া, চিকিৎসকসকলক আহ্বান জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । ইফালে কলিয়াবৰত নতুনকৈ ক'ভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ বিষয়েও আলোচনা কৰা হয় বৈঠকত ।

সান্ধ্য আইন সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত বিশেষ মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ পৰিস্থিতি কিছু উন্নত হ'লে লকডাউন পূৰ্বতকৈ শিথিল কৰা হ'ব আৰু যদি উন্নত নহয় তেনেহ'লে সান্ধ্য আইন কঠোৰ কৰা হ'ব । উল্লেখ্য যে, কলিয়াবৰত এই পৰ্যন্ত ক'ভিডত আক্ৰান্তৰ সংখ্যা ১,২৬৯ লৈ বৃদ্ধি পোৱাৰ পৰিৱৰ্তে ৯ গৰাকীকৈ লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো দিল্লী যাত্ৰা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.