ETV Bharat / state

অসম চৰকাৰৰ কৰ্মচাৰীৰৰ কৰ্ম সংস্কৃতিৰ ফোপোলা স্বৰূপ

author img

By

Published : Jun 11, 2019, 2:15 AM IST

সপ্তাহৰ প্ৰথম দিনটোতেই বিয়লি ৩:৩০ বজাতে তলা বন্ধ হাটবৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৷ এতিয়া প্ৰশ্ন এনে কৰ্মচাৰীৰে পাৰিব নে নতুন সময় সূচীৰ বুনিয়াদ গঢ়িব ?

অসম চৰকাৰৰ কৰ্মচাৰীৰৰ কৰ্ম সংস্কৃতিৰ ফোপোলাস্বৰূপ

কলিয়াবৰ, 11 জুনঃ অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা সৰ্বজন বিদিত । সীমাহীন দুৰ্নীতিৰ অভিযোগ থকা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধীনৰ কলিয়াবৰ মহকুমাৰ হাটবৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সোমবাৰে দেখা গ’ল চৰম কৰ্ম সংস্কৃতিৰ ফোপোলাস্বৰূপ ৷ বিয়লি ৩:৩০ বজাতে কাৰ্যালয়ত তলা মাৰি ঘৰা-ঘৰী গ’ল পঞ্চায়ত সচিব তথা গাণনিক কৰ্মচাৰী । স্বজন-তোষণৰ ব্যাপক অভিযোগ মাজতে পঞ্চায়তৰ বিভিন্ন পদত নিযুক্তি লাভ কৰা এচাম পঞ্চায়তৰ কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিয়ে উভট-গোৰে নাচিবলৈ আৰম্ভ কৰিছে ।

অসম চৰকাৰৰ কৰ্মচাৰীৰৰ কৰ্ম সংস্কৃতিৰ ফোপোলা স্বৰূপ

লোকসভা নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত নিযুক্তি লাভ কৰা হাটবৰ গাঁও পঞ্চায়তৰ সচিব ডেইজীৰাণী চুতীয়া আৰু গাণনিক কৰ্মচাৰী যুগল কিশোৰ বৰা সহ আন কৰ্মচাৰীয়ে বিয়লি ৩:৩০ বজাতে সপ্তাহৰ প্ৰথম দিনটোত দৈনিক কাৰ্য‍ সমাপন কৰি কাৰ্যালয় বন্ধ কৰে । সপ্তাহটোত তিনি-চাৰি দিন এনেকৈয়ে চলে বুলি স্থানীয় লোকৰ গুৰুতৰ অভিযোগ ৷

যিটো সময়ত অসম চৰকাৰে চৰকাৰী কাৰ্যালয়ৰ দৈনিক সময়সূচী পুৱা ৯:০০ বজাৰ পৰা বিয়লি ৬:০০ বজালৈ প্ৰৱৰ্তন কৰাৰ গুণা-গথা কৰিছে সেই সময়ত হাটবৰ গাঁও পঞ্চায়তৰ কৰ্ম সংস্কৃতিৰ নমুনাই তাৎপৰ্য্য বহন কৰিছে ‌।

Intro:অসম চৰকাৰৰ কৰ্ম সংস্কৃতিৰ নমুনা

সপ্তাহৰ প্ৰথম দিনটোতে বিয়লি ৩:৩০ বজাতে তলা বন্ধ হাটবৰ গাঁও পঞ্চায়তৰ কাৰ্য‍্যালয়

এনে কৰ্মচাৰীৰে পাৰিবনে নতুন সময় সূচীৰ বুনিয়াদ গঢ়িব?Body:অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা সৰ্বজন বিদিত। সীমাহীন দুৰ্নীতিৰ অভিযোগ থকা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধীনৰ কলিয়াবৰ মহকুমাৰ হাটবৰ গাঁও পঞ্চায়তৰ কাৰ্য‍্যালয়ত এনে কৰ্ম সংস্কৃতিৰ নমুনা দেখা গ'ল সোমবাৰে বিয়লি। বিয়লি ৩:৩০ বজাতে কাৰ্য‍্যালয়ৰ বন্ধ কৰি ঘৰা-ঘৰী গ'ল পঞ্চায়ত সচিব তথা গাণনিক কৰ্মচাৰী। স্বজন-তোষণৰ ব‍্যাপক অভিযোগ মাজতে পঞ্চায়তৰ বিভিন্ন পদত নিযুক্তি লাভ কৰা এচাম পঞ্চায়তৰ কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিয়ে উভট-গোৰে নাচিবলৈ আৰম্ভ কৰিছে। লোক সভা নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত নিযুক্তি লাভ কৰা হাটবৰ গাঁও পঞ্চায়তৰ সচিব ডেইজীৰাণী চুতীয়া আৰু গাণনিক কৰ্মচাৰী যুগল কিশোৰ বৰাসহ আন কৰ্মচাৰীয়ে বিয়লি ৩:৩০ বজাতে সপ্তাহৰ প্ৰথম দিনটোত দৈনিক কাৰ্য‍্য সমাপন কৰি কাৰ্য‍্যালয় বন্ধ কৰে। এনে কাৰ্য‍্য প্ৰায়েই হৈ থাকে বুলি স্থানীয় লোকে অভিযোগ কৰে।
যিটো সময়ত অসম চৰকাৰে চৰকাৰী কাৰ্য‍্যালয়ৰ দৈনিক সময় সূচী পুৱা ৯:০০ বজাৰ পৰা বিয়লি ৬:০০ বজালৈ প্ৰৱৰ্তন কৰাৰ গুণা-গথা কৰিছে সেই সময়ত হাটবৰ গাঁও পঞ্চায়তৰ কৰ্ম সংস্কৃতিৰ নমুনাই তাৎপৰ্য‍্য বহন কৰিছে‌।Conclusion:visuals/bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.