ETV Bharat / state

স্বৰ্ণ পদকলৈ উন্নীতঃ উৎফুল্লিত হিমাৰ পৰিয়াল

২০১৮ চনৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত 4x400 মিশ্ৰিত ৰীলেত ৰূপৰ পদক পাইছিল ভাৰতীয় দলটোৱে ৷ আনহাতে বাহৰেইন দলটোৱে পাইছিল স্বৰ্ণপদক ৷ কিন্তু দলটোৰ এগৰাকী সদস্য ড’পিং টেষ্টত ব্যৰ্থ হোৱাত স্বৰ্ণ পদকলৈ উন্নীত হয় হিমাৰ দল ৷

উৎফুল্লিত হিমাৰ পৰিয়াল
উৎফুল্লিত হিমাৰ পৰিয়াল
author img

By

Published : Jul 24, 2020, 5:20 PM IST

বটদ্ৰৱা, 24 জুলাইঃ ধিং এক্সপ্ৰেছ হিমা দাস এছিয়ান গেমছৰ ৰূপৰ পদকৰ পৰা স্বৰ্ণ পদকলৈ উন্নীত হোৱাত উৎফুল্লিত ধিং বাসীৰ লগতে হিমাৰ পৰিয়াল ৷ ২০১৮ চনৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত 4x400 মিশ্ৰিত ৰীলেত ৰূপৰ পদক পাইছিল ভাৰতীয় দলটোৱে ৷ আনহাতে বাহৰেইন দলটোৱে পাইছিল স্বৰ্ণপদক ৷

উৎফুল্লিত হিমাৰ পৰিয়াল

কিন্তু মিশ্ৰিত শাখাৰ বিজয়ী দলৰ প্ৰতিদ্বন্দী কেমি এডেকোয়াক এথেলেটিকছ ইনগ্ৰিগ্ৰিটি ইউনিটে ড্ৰপিং টেষ্টত ব্যৰ্থ ঘোষণা কৰাৰ লগতে খেলুৱৈগৰাকীক চাৰি বছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰে ৷ কেমি এডেকোয়াক অযোগ্য ঘোষণা কৰাৰ পাচতেই ভাৰতীয় দলক বিজয়ী হিচাপে ঘোষণা কৰে এছিয়ান গেমছৰ কৰ্তৃপক্ষই ৷ প্ৰতিযোগিতাৰ সময়ত বাহৰেইনৰ খেলুৱৈ গৰাকীয়ে হিমা দাসৰ ট্ৰেকত বাধাৰ সৃষ্টি কৰাৰ এক অভিযোগ ভাৰতীয় দলে দাখিল কৰিছিল ৷ কিন্তু ভাৰতীয় দলৰ এই অভিযোগ এছিয়ান গেমছৰ কৰ্তৃপক্ষই অগ্ৰাহ্য কৰাত ভাৰত ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় ৷

বৰ্তমানে হিমা দাসৰ দলক স্বৰ্ণ পদকলৈ উন্নীত কৰাৰ খবৰে উৎফুল্লিত কৰি তুলিছে হিমাৰ পিতৃ-মাতৃক ৷

লগতে পঢ়কঃ ড'প টেষ্ট : সোণলৈ উন্নীত জাকাৰ্টা এছিয়ান গেমছ ভাৰতৰ ৰূপৰ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.