ETV Bharat / state

"এতিয়া আৰু কংগ্ৰেছৰ দিন নাই; বিজেপিৰ দিন, বিজেপিৰে জয়"

author img

By

Published : Apr 9, 2019, 10:44 AM IST

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে খোদ উদঙালে নিজৰ সুবিধাবাদী ৰাজনৈতিক চৰিত্ৰ ৷

"এতিয়া আৰু কংগ্ৰেছৰ দিন নাই: বিজেপিৰ দিন, বিজেপিৰে জয়"

জুৰীয়া, 9 এপ্ৰিল : "বড়ো সকলক উন্নয়নৰ দোহাই দি এতিয়া যাৰ চৰকাৰ নাই তাৰ লগত থাকি একো লাভ নাই ৷ এতিয়া আৰু কংগ্ৰেছৰ দিন নাই; বিজেপিৰ দিন, বিজেপিৰে জয় ৷ " বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য প্ৰকাশ কৰে ৷ সোমবাৰে জুৰীয়াস্থিত শালপাৰা বনগাৱঁত কলিয়াবৰ সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিপিএফ প্ৰধান গৰাকীয়ে ৷

বড়ো জনজাতীয় অধ্যুষিত এলেকা ৰূপে খ্যাত শালপাৰা বনগাৱঁত অনুষ্ঠিত এই নিৰ্বাচনী সভাখনত হাগ্ৰামা মহিলাৰীৰ লগতে মন্ত্ৰী চন্দ্ৰন ব্ৰহ্ম আৰু সাংসদ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে ৷ এই সভাখনত সমবেত হোৱা ৰাইজৰ সন্মুখত বি পিএফ প্ৰধান গৰাকীয়ে স্বীকাৰ কৰে বিগত সময়ত কংগ্ৰেছ আৰু বৰ্তমান বিজেপিৰ সৈতে থকা সুবিধাবাদী মিতিৰালিৰ কথা ৷ লগতে বিধানসভাত পুনৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰ হ'ব বুলি প্ৰকাশ কৰি সংখ্যালঘূ ৰাইজকো ৰসিক ভাবে কংগ্ৰেছলৈ নগৈ অগপত ভোট দিবলৈ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে । আনফালে মন্ত্ৰী চন্দন ব্ৰহ্মই কংগ্ৰেছ আৰু এআই ইউডি এফৰ মিত্ৰতাৰ বিষয়ে সমালোচনা কৰি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছে অসমৰ এখনো আসনত যে জিকিব পাৰিব তাকলৈ সন্দেহ প্ৰকাশ কৰে ৷ ইপিনে এই সভাত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে মণিমাধৱ মহন্তক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ উল্লেখযোগ্য যে বড়ো-কছাৰী কাউঞ্চিলৰ বাবে সাংসদ দৈমাৰীয়ে বড়ো জনজাতীয় ৰাইজক চৰকাৰৰ লগত থাকিবলৈ আচৰিত ধৰণে খবৰদাৰ কৰি দিয়া পৰিলক্ষিত হ'ল ৷ অৱশ্যে মণিমাধৱ মহন্তৰ হৈ অঞ্চলটোত বিপিএফৰ নেতৃত্বই প্ৰচাৰ চলালে যদিও প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকী সভাখনত শেষ পৰ্যন্তলৈকে উপস্থিত হোৱা দেখা নগ'ল ৷

Intro:শালপাৰা বন গাওঁত হেলিকপ্তাৰেৰে উপস্থিত বি পি এফৰ নেতৃত্বত ৷Body: শালপাৰা বন গাওঁত বি.পি.এফ. প্ৰধান হাগ্ৰামা মহিলাৰীয়ে খোদ উদঙালে নিজৰ সুবিধাবাদী ৰাজনীতিৰ স্বভাৱটো। কলিয়াবৰ সংসদীয় সমষ্টিৰ মিত্ৰজোটৰ প্ৰক্ষেপিত প্ৰাৰ্থী মণিমাধৱ মাধৱৰ হৈ বড়ো জনজাতীয় অধ্যুষিত এলেকা ৰূপে খ্যাত শালপাৰা বন গাওঁত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত একে দলৰে সতীৰ্থ তথা মন্ত্ৰী চন্দ্ৰন ব্ৰহ্ম, সাংসদ বিশ্বজীৎ দৈমাৰী সহ সোমবাৰে বিয়লি উপস্থিত হয় হাগ্ৰামা মহিলাৰী। এই সভাখনতে সমবেত হোৱা ৰাইজৰ সন্মুখতে বি . পি.এফ. প্ৰধান হাগ্ৰামাই স্বীকাৰ কৰিলে বিগত সময়ত কংগ্ৰেছ আৰু বৰ্তমান বিজেপিৰ সৈতে থকা সুবিধাবাদী মিতিৰালিৰ কথা। বড়ো সকলৰ উন্নয়নৰ দোহাই দি যি চৰকাৰ নাই তাৰ লগত থাকি একো লাভ নাই বুলি মন্তব্য কৰে হাগ্ৰামাই। লগতে কয় যে এতিয়া আৰু কংগ্ৰেছৰ দিন নাই, বিজেপিৰ দিন, বিজেপিৰে জয়। উপাই নাই এতিয়া বিজেপিতে থাকি কাম কৰিব লাগিব। বিধান সভাতো পুনৰ সৰ্বানন্দ সোনোৱালৰ চৰকাৰ হব বুলি প্ৰকাশ কৰাৰ লগতে সংখ্যালঘূ ৰাইজকো ৰসিক ভাবে কংগ্ৰেছলৈ নগৈ অগপত ভোট দিবলৈ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে। আনফালে মন্ত্ৰী চন্দন ব্ৰহ্মই কংগ্ৰেছ আৰু AIUDF-ৰ মিত্ৰতাৰ বিষয়ে সমালোচনা কৰি গৌৰব গগৈৰ লগতে কংগ্ৰেছে অসমৰ এখনো আসনত যে জিকিব পাৰিব তাকলৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে সভাখনত সাংসদ বিশ্বজীৎ দৈমাৰীয়ে মণিমাধৱ মহন্তক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷ উল্লেখযোগ্য যে বড়ো-কছাৰী কাউঞ্চিলৰ বাবেই ৰাইজক চৰকাৰৰ লগত থাকিবলৈ সভাখনত সাংসদ দৈমাৰীয়ে আচৰিত ধৰণৰে খবৰদাৰ কৰি দিয়া দেখা গ'ল বড়ো জনজাতীয় ৰাইজক। অৱশ্যে মণিমাধৱ মহন্তৰ হৈ অঞ্চলটোত বিপিএফৰ নেতৃত্বই প্ৰচাৰ চলালে যদিও সভাখনত শেষ পৰ্য্যন্ত প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকী আহি কিন্তু উপস্থিত হোৱা দেখা পোৱা নগ'ল।

জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা ৷
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.