নগাওঁ, 10 এপ্ৰিল : অনলাইন প্ৰৱঞ্চনাৰ বলী হল পুৰণিগুদামৰ সাংবাদিক কুলপ্ৰদীপ দাস । অনলাই প্ৰযুক্তিবিদ্যা উত্তৰণে এফালে যদি মানৱ সমাজক দ্ৰুত গতিত আগবঢ়াই নিছে, ঠিক একেদৰে ইয়াৰ বিৰূপ প্ৰভাৱে ভাৰাক্ৰান্তও কৰিছে বহু সংখ্যক লোকক । এনে এক আশ্চৰ্যজনক ঘটনা শুক্ৰবাৰে বিয়লি সংঘটিত হ'ল নগাঁও জিলাৰ পুৰণিগুদামৰ এজন শিক্ষক তথা এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ক্ষেত্ৰত । অনলাইন প্ৰৱঞ্চকৰ জালত পৰি সামাজিক ভাৱে অপদস্থ হ'বলগীয়া হ'ল পুৰণিগুদাম অঞ্চলৰ শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাস । বিয়লি এটা বিশেষ নম্বৰৰ পৰা অহা এটা ফোন কলৰ জৰিয়তে বহিঃৰাজ্যৰ এক অসাধু চক্ৰই অতি চাতুৰালিৰে প্ৰথম অৱস্থাত কুলপ্ৰদীপ দাসৰ পৰা নিজা বেংক-একাউণ্টৰ একান্ত ব্যক্তিগত তথ্য তথা অ'.টি.পি. আহৰণ চেষ্টা চলায় । কিন্তু বহু সময় ধৰি ব্যক্তি গৰাকীৰ সৈতে হোৱা বাৰ্তালাপৰ পিছতো দাসৰ পৰা বিশেষ তথ্য আহৰণ কৰিব নোৱাৰি পৰৱৰ্তী সময়ত তেওঁ ব্যৱহাৰ কৰি থকা ম'বাইল নম্বৰটোকে হেক্ কৰি অপব্যৱহাৰ কৰে বহিঃৰাজ্যৰ অসাধু ব্যক্তি জনে ।
হেকাৰ জনে দাসৰ ম'বাইলৰ ৱাটচাপ নম্বৰৰ জৰিয়তে একাধিক অশ্লীল আলোকচিত্ৰ বিভিন্ন সামাজিক মাধ্যমত তথা গ্ৰুপত আপলোড কৰি শিক্ষক তথা সাংবাদিক জনক ব্যতিব্যস্ত কৰি তোলে । অৱশ্যে বহুজন সতীৰ্থ, সহকৰ্মী তথা শুভাকাংক্ষীয়ে সামাজিক মাধ্যমত দাসৰ একাউণ্টৰ পৰা আপত্তিজনক ছবি সমূহ আপলোড হোৱা দৃষ্টিগোচৰ কৰি ততাতৈয়াকৈ অৱগত কৰোতেহে সমগ্ৰ ঘটনাৰ বিষয়ে কুলপ্ৰদীপ দাসে জানিবলৈ পাৰে বুলি জনালে সংবাদ মাধ্যমক । শেষত উপায়হীন কুলপ্ৰদীপ দাসে সমগ্ৰ প্ৰৱঞ্চনা কাণ্ডৰ সন্দৰ্ভত উচিত তদন্তৰ আহ্বান জনাই পুৰণিগুদাম আৰক্ষীৰ পহৰা চকীত এটি গোচৰ ৰুজু কৰাত আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : খোৱাপানী বিচাৰি পানী যোগান প্ৰকল্প ঘেৰাও