নগাঁও, 18 আগষ্ট: নগাঁৱৰ ৰূপহীহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । পুৰণি বটল বিচাৰি ফুৰোতে এজন যুৱকে জাৱৰৰ দ'মত এটা সন্দেহজনক গ্ৰেণেড আৰু মাৰণাস্ত্ৰ পোৱাৰ পাছতে আতংকিত হৈ পৰে স্থানীয় ব্যৱসায়ী, পথচাৰীসকল (Suspicious grenade and pistol found in garbage dump)।
ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে ৰূপহীহাটৰ নতুন বজাৰস্থিত সোণাই নৈৰ ওপৰৰ দলঙৰ তলত থকা জাবৰৰ দ'মৰ মাজত পুৰণি বটল বিচাৰি থকাৰ অৱস্থাত জাবৰৰ দ'মটোৰ পৰা উদ্ধাৰ হয় এটা সন্দেহজনক গ্ৰেণেড আৰু এটা মাৰণাস্ত্ৰ । লগে হুৱা দুৱা লাগে ব্যস্ততাপূৰ্ণ অঞ্চলটোত । ইয়াৰ পাছতেই স্থানীয় লোকে খবৰ দিয়ে ৰূপহীহাট আৰক্ষীক ।
ৰূপহীহাট থানাৰ পৰা যোৱা আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হৈ সন্দেহজনক গ্ৰেণেড আৰু মাৰণাস্ত্ৰটো উদ্ধাৰ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰে । অৱশ্যে উদ্ধাৰ হোৱা সন্দেহজনক গ্ৰেণেডটো সক্ৰিয় নে নিষ্ক্ৰিয় সেই বিষয়ে এই পৰ্য্যন্ত আৰক্ষী নিশ্চিত হ'ব পৰা নাই । আনকি কোনে কি উদ্দেশ্যত ৰূপহীহাটৰ এই দলঙৰ তলত গ্ৰেণেড আৰু পিষ্টল পেলাই থৈ গ'ল সেয়াও এই পৰ্য্যন্ত জানিব পৰা নাই । মুঠৰ ওপৰত ব্যস্ততাপূৰ্ণ এটা এলেকাৰ জাৱৰৰ দ'মত গ্ৰেণেড আৰু মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাক লৈ যথেষ্ট আতংকিত হৈ আছে ৰূপহীহাটবাসী ।
উল্লেখযোগ্য যে, ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন হোৱাৰ মাত্ৰ দুটা দিন পিছতেই ৰূপহীহাটৰ এটা জাৱৰৰ দ'মত সন্দেহজনক গ্ৰেণেড আৰু মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাক লৈ কেৱল ৰূপহীহাটতে নহয় সমগ্ৰ নগাঁৱতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ।