ETV Bharat / state

হাতৰ তলুৱাত লাভলীনাৰ ছবি অংকন কৰি শুভেচ্ছা জনালে যুৱকে - Olympic news

নগাঁও জিলাৰ পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ ভাস্কৰ্য্য পূৰ্ণ গায়নৰ এক অন্যন্য প্ৰয়াস ৷ হাতৰ তলুৱাত অসম জীয়ৰী লাভলীনা বৰগোঁহাইৰ ছবি অংকন কৰি শুভেচ্ছা বাৰ্তা প্ৰেৰণ যুৱ শিল্পী গৰাকীৰ ৷

greetings to lavlina borgohain by body painting pictures
হাতৰ তলুৱাত লাভলীনা বৰগোঁহাইৰ ছবি অংকন কৰি শুভেচ্ছা
author img

By

Published : Jul 25, 2021, 11:27 AM IST

চামগুৰি, 25 জুলাই : বক্সিং ৰিঙত নামিবলৈ সাজু হৈছে অসমৰ গৌৰৱ লাভলীনা বৰগোঁহাই ৷ যাৰ বাবে অসম জীয়ৰী লাভলীনাক বিভিন্ন জনে বিভিন্ন পদ্ধতিৰে জনাইছে শুভেচ্ছা ৷ কোনোবাই যদি দেৱালত বক্সাৰ লাভলীনাৰ ছবি অংকন কৰি দিছে শুভেচ্ছা, আন কোনোবাই আকৌ নিজৰ শৰীৰতে বক্সাৰ গৰাকীৰ ছবি অংকন কৰি জনাইছে শুভেচ্ছা ৷

নগাঁও জিলাৰ পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ এজন যুৱ চিত্ৰ শিল্পীৰ এক অনন্য প্ৰয়াস । অসমৰ পৰা পোন প্ৰথম বাৰৰ বাবে মহিলা খেলুৱৈ হিচাবে টকিঅ’ অলিম্পিকলৈ যোৱা অসম কন্যা লাভলীনা বৰগোঁহাইক যুৱ চিত্ৰ শিল্পীগৰাকীয়ে ব্যতিক্ৰমীভাৱে নিজৰ শিল্পকৰ্মৰ জৰিয়তে প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা ৷ যুৱ চিত্ৰ শিল্পী ভাস্কৰ্য্য পূৰ্ণ গায়নে হাতৰ তলুৱাত দেশৰ জাতীয় পতাকাৰ সৈতে লাভলীনা বৰগোঁহাইৰ ছবি অংকন কৰি প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা ৷

body painting picture
হাতৰ তলুৱাত ড৹ ৰুবুল মাউতৰ পুথিৰ ছবি অংকন

নগাঁও জিলাৰ পুৰণিগুদামৰ গায়ন বৈৰাগী গাঁৱৰ যুৱ চিত্ৰ শিল্পী ভাস্কৰ্য্য পূৰ্ণ গায়নে কেৱল লাভলীনাৰ ছবি অংকন কৰাই নহয়, তেওঁ ইতিমধ্য হাতৰ তলুৱাত অংকন কৰিছে ৰাধা-কৃষ্ণ, ড৹ ৰুবুল মাউতৰ ‘‘মোৰো এটা সপোন আছে’’, পৰাগ কুমাৰ দাসৰ ‘‘ছাংলট ফেনলা’’, কবি হীৰেণ ভট্টাচাৰ্যৰ ‘‘সুগন্ধি পখিলা’’ ইত্যাদি পুথি তথা ছবি ৷ যুৱ চিত্ৰ শিল্পী ভাস্কৰ্য্য পূৰ্ণ গায়নৰ এই প্ৰচেষ্টাক এতিয়া শলাগিছে বিভিন্ন জনে ৷ জানিব পৰা মতে, কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ একমাত্ৰ নিজা প্ৰচেষ্টাত ভাস্কৰ্য্য পূৰ্ণ গায়নে পেলনীয়া সামগ্ৰীত সজীৱ কৰি ৰাখিছে নিজৰ শিল্পকৰ্ম ।

হাতৰ তলুৱাত লাভলীনা বৰগোঁহাইৰ ছবি অংকন

আনহতে, এখন গামোচাতে অসমৰ বিভিন্ন ঐতিহ্য যেনে ৰংঘৰ, কামাখ্যা মন্দিৰ, বিহু নৃত্য, এশিঙীয়া গঁড় আদি এংকন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে যুৱকজন । কিছুদিন পূৰ্বে বুটৰ দাইলত বিভিন্ন দেশৰ পতাকা অংকন কৰি চৰ্চা লাভ কৰিছিল যুৱকজনে ৷ কেৱল চিত্ৰ শিল্পই নহয় বৰগীত, সত্ৰীয়া নৃত্য, খোলবাদন আদি সকলো দিশতে পাৰদৰ্শিতা থকা যুৱকজনে সৰুৰে পৰাই ঘৰখনত পাইছিল শিল্প সাধনাৰ এটা পৰিবেশ ৷

body painting picture
হাতৰ তলুৱাত ৰাধা-কৃষ্ণৰ ছবি অংকন

আনহাতে, মঙলবাৰে টকিঅ’ অলিম্পিকৰ বক্সিঙৰ ৰিঙত নামিব অসম জীয়ৰী লাভলীনা বৰগোঁহাই (Lovlina Borgohain) ৷ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা 32 সংখ্যক টকিঅ’ অলিম্পিক গেমছ (Tokyo Olympics) ত লাভলীনাই প্ৰথম খেলৰ পৰা ৱাক অভাৰ পাই উন্নীত হয় প্ৰি-কোৱাৰ্টাৰলৈ । মঙলবাৰে লাভলীনা মুখামুখি হ’ব জামাৰ্নীৰ নেদাইন আপেটজৰ ৷ সকলোৱে আশাৰে বাট চাইছে লাভলীনাৰ সফলতালৈ ৷

লগতে পঢ়ক : Tokyo Olympics : বেডমিন্টনৰ একক শাখাত পি ভি সিন্ধুৰ প্ৰথম বিজয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.