ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ পাৰত সেইজ বিপ্লৱ - কলংমুখ

কলিয়াবৰৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী কলংমুখৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত আশাৰ ৰেঙনি ৷ দুবছৰ পূৰ্বে অব‍্যৱহৃত হৈ পৰি ৰোৱা অঞ্চল এতিয়া নৱ-প্ৰজন্মৰ বাবে হৈ পৰিছে ভৱিষ্যত ৷

Green Revolution at Kaliabor
ব্ৰহ্মপুত্ৰৰ পাৰত সেইজ বিপ্লৱ
author img

By

Published : Nov 30, 2020, 7:38 PM IST

কলিয়াবৰ, 30 নৱেম্বৰ: ব্ৰহ্মপুত্ৰত বাৰিষাৰ পলসে উৰ্বৰ কৰি যোৱা চাপৰিত আৰম্ভ হৈছে সেইজ বিপ্লৱ । কলিয়াবৰৰ বিভিন্ন স্থানৰ প্ৰায় তিনিশ নিবনুৱা যুৱকে কেইবাটাও দলত বিভক্ত হৈ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ শুকান মাটি খেতিৰ বাবে সাজু কৰি তুলিছে। ইতিমধ‍্যে কেইবাটাও গোটে সৰিয়হ সিঁচিছে, কোনো গোটে আলু, মূলা, কবি, পালেং, ধনীয়া, জলকীয়া লগাইছে । শুকান চাপৰি পৰিৱৰ্তন হৈছে সেউজীয়াৰ দিশে ।

ব্ৰহ্মপুত্ৰৰ পাৰত সেইজ বিপ্লৱ

'বজাৰো আমাৰ, পথাৰো আমাৰ' চিন্তাক বাস্তৱ ৰূপ দিবলৈ যুৱ প্ৰজন্মৰ এই গোটসমূহৰ মহৎ প্ৰচেষ্টাৰ আঁৰৰ এগৰাকী অন‍্যতম যুৱশক্তি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা বৰ্তমানৰ অসম গণ পৰিষদ দলৰ সাংগঠনিক সম্পাদক মণিমাধৱ মহন্ত । যোৱা বছৰৰ পৰাই 'প্ৰজন্ম' নামৰ এটা বেচৰকাৰী অনুষ্ঠানে ব্ৰহ্মপুত্ৰৰ চাপৰিৰ মাটি ভাঙি এক সেউজ বিপ্লৱৰ সূচনা কৰিছিল। এইবাৰো তেওঁলোকক আৰ্হি হিচাপে লৈ কলিয়াবৰৰ আন বহু স্থানৰ নিবনুৱা যুৱক আগবাঢ়ি আহি চাপৰিত খেতিৰ কাম আৰম্ভ কৰিছে । নিবনুৱা যুৱকসকলৰ এই কাৰ্যত উদগনি যোগাবলৈ চৰকাৰলৈ আহ্বান জনোৱাৰ লগতে শিক্ষিত নিৱনুৱা যুৱকসকলৰ এই কৃষি কাৰ্যক অসমৰ বাবে এক চানেকী হিচাপে দাঙি ধৰিবলৈ আহ্বান জনায় । অৰ্থনৈতিক উন্নয়নৰ বাবে কৰা এনে কৃষিকৰ্মই অসমৰ আন স্থানৰো শিক্ষিত নিবনুৱা যুৱকক আকৰ্ষিত কৰিব বুলি আশা প্ৰকাশ কৰে মণি মাধৱ মহন্তই ।

Green Revolution at Kaliabor
ব্ৰহ্মপুত্ৰৰ পাৰত সেইজ বিপ্লৱ

অন্য এক খবৰৰ বাবে: ৩ ডিচেম্বৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.