ETV Bharat / state

বঢ়মপুৰত কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰী নিৰ্দেশনাক ভেঙুচালিৰ অভিযোগ

author img

By

Published : Jun 15, 2021, 10:13 AM IST

ৰাজ্যত বৰ্তমান ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাত ৰাজ্য চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পঞ্চাশ শতাংশ কৰ্মচাৰীৰ উপস্থিতিত কাৰ্যালয়সমূহ খোলাৰ নিৰ্দেশ জাৰি কৰে ৷ এই নিৰ্দেশনাক অৱমাননা কৰিলে বঢ়মপুৰ উন্নয়ন খণ্ডৰ কৰ্মচাৰীসকলে ৷

government-order-neglected-by-government-employee-at-barhampur
বঢ়মপুৰত চৰকাৰী নিৰ্দেশনাক ভেঙুচালি চৰকাৰী কৰ্মচাৰীৰ

চামগুৰি,15 জুন : ৰাজ্যত অব্যাহত থকা ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে নগাঁও জিলাৰ বঢ়মপুৰত চৰকাৰী নিৰ্দেশনাক ভেঙুচালি একাংশ চৰকাৰী-কৰ্মচাৰীৰ ৷ উল্লেখ্য যে, ক'ভিড-19 ৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দীৰ্ঘদিন ধৰি কাৰ্যালয়সমূহ বন্ধ ৰাখিছিল ৷ কিন্তু ৰাজ্যত বৰ্তমান ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাত ৰাজ্য চৰকাৰে পুনৰ এক নিৰ্দেশনাৰ জৰিয়তে সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পঞ্চাশ শতাংশ কৰ্মচাৰীৰ উপস্থিতিত কাৰ্যালয়সমূহ খোলাৰ নিৰ্দেশ জাৰি কৰে ৷

বঢ়মপুৰত কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰী নিৰ্দেশনাক ভেঙুচালিৰ অভিযোগ

চৰকাৰে জাৰি কৰা এই নিৰ্দেশনাক অৱমাননা কৰাৰ অভিযোগ উত্থাপিত হৈছে বঢ়মপুৰস্থিত উন্নয়ন খণ্ডৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে ৷ এক দীঘলীয়া বন্ধৰ পাছত কাৰ্যালয় খোলাৰ পাছতো সোমবাৰে দিনটোত ক্ষেত্ৰ পৰিদৰ্শনৰ অজুহাত দেখুৱাই গৰিষ্ঠসংখ্যক কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত নাথাকিল ৷ এই ঘটনাই ভবাই তুলিছে সচেতন ৰাইজক ৷ চৰকাৰী কাৰ্যালয়ত গঢ় লোৱা এনে অপসংস্কৃতি বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে ৷

লগতে পঢ়কঃ ব’ৰ্ডৰ পৰীক্ষাত কৰ’ণাৰ বাধা: ত্ৰিপুৰাত JEE পৰীক্ষা স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.