নগাঁও,2 এপ্ৰিলঃমতা আৰু মাইকী মাছ বনাম একুৰিয়াম আৰু খাল-বিলৰ মাছ ৷ এইবাৰ প্ৰতিযোগিতাত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্ত ৷ পাচে এইবাৰ মাছ নহয়, আন এক প্ৰসংগইহে প্ৰাধান্য লাভ কৰিছে কলিয়াবৰৰ ৰাজনীতিত ৷
হয়,কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক অদৃশ্য সাংসদ আখ্যা মণি মাধৱ মহন্তৰ। কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক আক্ৰমণ কৰি কলিয়াবৰৰ ৰাইজে এইবাৰ দৃশ্যমান সাংসদবিচাৰিছে বুলি মন্তব্য কৰে মণি মাধৱ মহন্তই । আনকি কলিয়াবৰৰ পৰা নিৰ্বাচিত হৈ দিল্লীলৈ গৈ গৌৰৱ গগৈয়ে আমেথিৰ কথা কয় বুলিও কটাক্ষ কৰে মহন্তই ৷ কংগ্ৰেছক ইতিমধ্যেই অন্যান্য সম্প্ৰদায়ৰ লগতে ধৰ্মীয় সংখ্যালঘুসকলেও পৰিত্যাগ কৰাৰ কথা উল্লেখ কৰি এইবাৰ কলিয়াবৰবাসীয়ে গৌৰৱৰে গৌৰৱক বিদায় দিব বুলি মন্তব্যকৰে মণি মাধৱ মহন্তই ৷
দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বৃদ্ধি পাইছে ৰাজনৈতিক নেতাৰ মুখচুপতি। বিগত লোকসভা নিৰ্বাচনত গৌৰৱ গগৈৰ পিতৃ মুখ্যমন্ত্ৰী হৈ থকাৰ সুযোগতে ৰাজনৈতিক প্ৰভাৱ খটোৱাৰ লগতে প্ৰলোভনেৰে ভোট আদায় কৰিছিল বুলি গৌৰৱক কটাক্ষ কৰে মণি মাধৱ মহন্তই । পাচে,এইবাৰ ৰামো নাই অযোধ্যাও নাই বুলি কৈ এইবাৰ গৌৰৱৰ পৰাজয় নিশ্চিত বুলি দাবী কৰে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ।
কেৱল এয়াই নহয়, দুদিন পূৰ্বে চামগুৰিৰ এখন সভাত ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰা গৌৰৱ গগৈয়ে বিলাটত থাকি অসমীয়া ভাষা ভালকৈ ক'ব নোৱাৰে বুলি কটাক্ষ কৰে মণি মাধৱ মহন্তই । অসমৰ সংস্কৃতি চিনি নোপোৱা গৌৰৱ গগৈয়ে ঝুমুৰ নাচি দেখুৱাই পাচলৈ নাইকিয়া হৈ যায় বুলিও কয় মণি মাধৱ মহন্তই ।