বটদ্ৰৱা, 25 মে’: অভাৱে কোঙা কৰিব নোৱাৰা এগৰাকী ছাত্ৰ । নাম বিনয় বৰা । নগাঁও জিলাৰ বটদ্ৰৱা ৰাইডঙীয়াৰ পহুকতা গাঁৱৰ নিবাসী প্ৰভাত বৰা আৰু জুলি বৰাৰ এক মাত্ৰ পুত্ৰ বিনয় । শিক্ষাৰ আহৰণৰ ক্ষেত্ৰত আৰ্থিক দীনতা যে কোনো কাৰণতে হেঙাৰ হ'ব নোৱাৰে এই কথা পুনৰবাৰ প্ৰমাণ কৰিলে ছাত্ৰ গৰাকীয়ে । শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰাইদঙীয়া পহুকতা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কৃতি ছাত্ৰ বিনয় বৰাই ।
ছাত্ৰজনৰ ফলাফলৰ পিছতেই ছাত্ৰ জনে আদিপাঠ কৰা ৰাইডঙীয়াৰ শংকৰ মাধৱ বিদ্যাপীঠত এতিয়া আনন্দৰ বন্যা । উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয় ষ্টাৰ মাৰ্ক সহ পাঁচটা বিষয়ত লেটাৰ মাৰ্ক সহ সৰ্বমুঠ ৪১৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰগৰাকীয়ে । লক্ষণীয় যে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮২.৬% শতাংশ নম্বৰ লাভ কৰা বিনয় পিতৃয়ে দিন হাজিৰা কৰি যেনে তেনে পোহপাল দি আছে চাৰিজনীয়া পৰিয়ালটোক । ৰাইডঙীয়া শংকৰ মাধৱ বিদ্যাপীঠৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কিতাপ পত্ৰ যোগাৰ ধৰিছিল বিনয়ক । উচ্চতৰ মাধ্যমিকত পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰা বিনয় ভৱিষ্যতে এগৰাকী প্ৰশাসনীক বিষয়া হোৱাৰ সপোন । পিছে, দৰিদ্ৰতাই এতিয়া হেঙাৰ ৰূপে থিয় দিছে ছাত্ৰগৰাকীৰ ভৱিষ্যতত । উচ্চ শিক্ষা গ্ৰহণত ছাত্ৰগৰাকীক সহায় সহযোগীতা আগবঢ়াবলৈ চৰকাৰলৈ আহ্বান জনাইছে পিতৃ-মাতৃৰ লগতে শংকৰ মাধৱ বিদ্যাপীঠৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ৷