ETV Bharat / state

স্বৰ্ণ কন্যাৰ অভূতপূৰ্ব সাফল্য: উৎফুল্লিত দেশবাসী - প্ৰধামন্ত্ৰী মোডী

স্বৰ্ণ কন্যাৰ সফলতা ৷ শুভেচ্ছাৰে উপচি পৰিছে টুইটাৰ ৷ আনন্দৰ বন্যা পিতৃ-মাতৃৰ মাজতো ৷

স্বৰ্ণ কন্যাৰ সাফল্যত উৎফুল্লিত দেশবাসী
author img

By

Published : Jul 22, 2019, 3:58 PM IST

বটদ্ৰৱা,22 জুলাই : দুভৰিৰ যাদুৰে স্বৰ্ণ কন্যা হিমা দাসে দেখুওৱা ইটোৰ পাচত সিটো সাফল্যই এতিয়া গৌৰৱান্বিত কৰি তুলিছে ৰাজ্যবাসীৰ লগতে দেশবাসীক ৷ ১৮ দিনত 5টাকৈ স্বৰ্ণ পদক অৰ্জনেৰে সফলতাৰ ধাৰা অক্ষুণ্ণ ৰখা অসম কন্যা হিমাৰ গুণ গান তথা অভিনন্দনেৰে উপচি পৰিছে টুইটাৰ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আদি কৰি প্ৰতিগৰাকী তাৰকাই হিমালৈ যাচিছে শুভকামনা ৷ আনন্দৰ সীমা নাই হিমা দাসৰ ঘৰতো ৷ হিমাৰ সাফল্যক লৈ উৎফুল্লিত হিমাৰ পিতৃ-মাতৃ ৷ ক'লে হিমাক লৈ কৰা অনুভৱৰ সকলো কথা ৷ ব্যস্ততাৰ মাজতো যে,অসমৰ ৰাইজৰ বিপদৰ সময়তো ৰাইজৰ কাষত থাকি বানাক্ৰান্ত ৰাইজক সাহায্য আগবঢ়ালে তাক লৈও হিমাক শলাগিলে পিতৃ-মাতৃয়ে ৷
সেইয়া যিয়েই নহওক কিয় এতিয়া সকলোৰে এটাই আশা,দৌৰ ৰাণীয়ে ২০২০ৰ অলিম্পিকতো আজুৰি আনক সোণৰ পদক ।

Intro:ভাৰত প্ৰতিজন তাৰকাই হিমাক চচিয়েলমিডিয়াত হিয়া উজাৰি জনালে আন্তৰিক শুভেচ্ছা ।ধিঙৰ কান্ধুলিমাৰি বাসগৃহত আনন্দৰ বন্যা ।Body:দূৰন্ত গতিৰে স্বৰ্ণজয় যাত্ৰা অব্যাহত ৰাখিছে হিমা দাসে । স্বৰ্ণকন্যা হিমা দাসে ১৮ দিনত পাঁচটাকৈ স্বৰ্ণ পদক আঁজুৰি আনাৰ পিছতেই চচিয়েলমিডিয়াত হিমাক অভিনন্দনে উপচাই পেলাইছে ভাৰতৰ প্ৰতিগৰাকী তাৰকাই । হিমাৰ পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোকৰ মন্তব্য হিমা আমাৰ ছোৱালী নহয় অসমৰ জীয়ৰী ভাৰতৰ জীয়ৰী । হিমা কেৱল মাত্ৰ ক্ৰীড়া ক্ষেত্ৰতে আগবঢ়া নহয় সাগৰৰ দৰে বিশাল হৃদয়ৰ হিমাই অসমৰ ৰাইজৰ বিপদৰ সময়তো ৰাইজৰ কাষত থাকি বানাকান্ত ৰাইজক দিলে সাহায্য । দাঙি ধৰিলে এক নিদর্শন । সকলোৰে এটাই আশা দৌৰৰ ৰাণী গৰাকীয়ে আগন্তুক ২০২০ৰ অলিম্পিকতো আজুৰি আনক স্বৰ্ণ পদক । হিমাক সকলোৱে দিয়ক আৰ্শিবাদ । অলিম্পিকত আজুৰি আনক স্বৰ্ণ পদক । আমি ই টি ভি ভাৰত অসমৰ ফালৰ পৰাও হিমালৈ যাচিলো আন্তৰিক শুভেচ্ছা ।_____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.