গোলাঘাট,4 মে': ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা ৷ এই দুৰ্ঘটনাত বহুজনে আপোনজনক, পৰিয়ালক হেৰুওৱাৰ ঘটনা এতিয়া কোনো নতুন খবৰ হৈ থকা নাই ৷ ৰাজ্যৰ পথ পৰিবহণ বিভাগে এইক্ষেত্ৰত বহু ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কোনো সুফল লাভ কৰা পৰিলক্ষিত হোৱা নাই ৷
মঙলবাৰে তেনেই এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় গোলাঘাটৰ দেৰগাঁৱৰ নপমুৱাত ৷ অবৈধ কাঠ পৰিবাহী এখন টাটা ডিআই বাহনে মহতিয়াই লৈ যায় এগৰাকী 5 বছৰীয়া শিশুক ৷ বৰ্তমান সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে শিশুটিক ৷
এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতেই উত্তপ্ত হৈ পৰে ঘটনাস্থলী ৷ ঘটনাস্থলীত দেৰগাঁও বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বন বিভাগৰ ছত্ৰছায়াতে দিনে-নিশাই দেৰগাঁৱত চলি আছে অবৈধ কাঠৰ বেহা । বৰ্তমান দেৰগাওঁ আৰক্ষীয়ে AS 01 DD 8184 নম্বৰৰ টাটা ডিআই বাহনখন জব্দ কৰিছে যদিও চালকজন সম্প্ৰতি পলাতক অৱস্থাত আছে ৷
অন্য এক খবৰৰ বাবে: গোৱালপাৰাৰ কাছুমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা