নগাঁও, 8 আগষ্টঃ স্বামীৰ কুকীৰ্তি ঢাকিবলৈ মাতৃৰ অপকৰ্ম ৷ নিজ কন্যাক বাধ্য কৰালে গৰ্ভপাত কৰিবলৈ ৷ কেতিয়াও ক'তো নোহোৱা এক ঘটনা ৷ ঘটনাৰ স্থান নগাঁও ৷ সতীয়া পিতৃৰ হাতত সৰ্বস্ব হেৰুৱা এগৰাকী কিশোৰীৰ ঘটনাক গাপ দিবলৈ মাতৃয়ে কৰিলে নিকৃষ্ট কাৰ্য ৷ নগাঁৱত সংঘটিত গৰ্ভপাতৰ ক'লা অধ্যায়ে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ সতীয়া পিতৃৰ কামনাৰ বলি হৈ অবৈধ মাতৃত্বৰ বোজা কঢ়িয়াবলগীয়া হৈছে এগৰাকী কিশোৰীয়ে ৷ এই জঘন্য ঘটনা গাপ দিয়াৰ চেষ্টাত মাতৃয়ে সংঘটিত কৰিলে আন এক জঘন্য কাণ্ড। লম্পট স্বামীৰ কুকীৰ্তি ঢাকিবলৈ মাতৃয়ে অবিবাহিত কন্যাক সেন্দুৰ পিন্ধাই লৈ যায় চিকিৎসকৰ কাষলৈ ৷ নগাঁৱৰ পুৰণা জি ডি নাৰ্ছিং হোমৰ জনৈক শইকীয়া নামৰ চিকিৎসকজনৰ দ্বাৰা গৰ্ভপাত কৰোৱা হয় কন্যাৰ ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে গাঁওবাসীৰ লগত বিষয়টো সন্দৰ্ভত আলোচনা কৰাত ফাদিল হয় আচল ৰহস্য ৷ লগে লগে স্থানীয় ৰাইজৰ সহায়ত আৰক্ষীৰ হাতত পৰে অভিযুক্ত ৷
স্বামীৰ কুকীৰ্তি ঢাকিবলৈ মাতৃয়ে গৰ্ভপাত কৰালে নিজ কন্যাক
গাওঁবাসীৰ দাবী গাওঁখনৰ পৰা উচ্ছেদ কৰিব লাগে কিশোৰীগৰাকীৰ মাতৃক ৷
নগাঁও, 8 আগষ্টঃ স্বামীৰ কুকীৰ্তি ঢাকিবলৈ মাতৃৰ অপকৰ্ম ৷ নিজ কন্যাক বাধ্য কৰালে গৰ্ভপাত কৰিবলৈ ৷ কেতিয়াও ক'তো নোহোৱা এক ঘটনা ৷ ঘটনাৰ স্থান নগাঁও ৷ সতীয়া পিতৃৰ হাতত সৰ্বস্ব হেৰুৱা এগৰাকী কিশোৰীৰ ঘটনাক গাপ দিবলৈ মাতৃয়ে কৰিলে নিকৃষ্ট কাৰ্য ৷ নগাঁৱত সংঘটিত গৰ্ভপাতৰ ক'লা অধ্যায়ে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ সতীয়া পিতৃৰ কামনাৰ বলি হৈ অবৈধ মাতৃত্বৰ বোজা কঢ়িয়াবলগীয়া হৈছে এগৰাকী কিশোৰীয়ে ৷ এই জঘন্য ঘটনা গাপ দিয়াৰ চেষ্টাত মাতৃয়ে সংঘটিত কৰিলে আন এক জঘন্য কাণ্ড। লম্পট স্বামীৰ কুকীৰ্তি ঢাকিবলৈ মাতৃয়ে অবিবাহিত কন্যাক সেন্দুৰ পিন্ধাই লৈ যায় চিকিৎসকৰ কাষলৈ ৷ নগাঁৱৰ পুৰণা জি ডি নাৰ্ছিং হোমৰ জনৈক শইকীয়া নামৰ চিকিৎসকজনৰ দ্বাৰা গৰ্ভপাত কৰোৱা হয় কন্যাৰ ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে গাঁওবাসীৰ লগত বিষয়টো সন্দৰ্ভত আলোচনা কৰাত ফাদিল হয় আচল ৰহস্য ৷ লগে লগে স্থানীয় ৰাইজৰ সহায়ত আৰক্ষীৰ হাতত পৰে অভিযুক্ত ৷
Body:স্বামীৰ কু কীৰ্তি ঢাকিবলৈ নিজ কণ্যাক গৰ্ভপাত কৰালে খোদ মাতৃয়ে। এনে এক জঘন্য ঘটনাই সংঘটিত হৈছে বটদ্ৰৱা সমষ্টিৰ টোপ গাঁৱত। ঘটনাই পোহৰলৈ আনিছে নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চলি থকা অবৈধ গৰ্ভপাতৰ এক ক'লা অধ্যায় । এইখন নগাঁৱৰ পুৰণা জি ডি নাৰ্ছিং হোম। এইখন নাৰ্ছিং হোমতেই গৰ্ভপাত কৰাৰ অভিযোগ অবৈধ মাতৃত্বৰ বোজা কঢ়িওৱা এগৰাকী কিশোৰীক। ঘটনাৰ বিৱৰণী শুনিলে লাজত নাক কোচাব আপুনিও।
প্ৰথমে মন কৰক এই লোকজনলৈ। পিতৃৰ নামত কলংকস্বৰূপ এইজন বটদ্ৰৱা টোপগাঁৱৰ বিজু বৰদলৈ। এইগৰাকী লম্পট বিজু বৰদলৈৰ কামনাৰ বলি সতীয়া কন্যা। এই জঘন্য ঘটনা গাপ দিয়াৰ চেষ্টাত খোদ মাতৃয়ে সংঘটিত কৰিলে আন এক জঘন্য কাণ্ড। সতীয়া পিতৃৰ কামনাৰ বলি হৈ অবৈধ মাতৃত্বৰ বোজা কঢ়িওৱা কিশোৰীগৰাকীক কৰালে গৰ্ভপাত।গাঁওখনৰে এগৰাকী মহিলাক মিথ্যাচাৰৰ আশ্ৰয় লৈ নিজ জীয়ৰীক নগাঁৱলৈ আনি সিন্দুৰ লগাইছিল খোদ মাতৃয়ে। পৰৱৰ্তী সময়ত গাওঁখনৰে দুগৰাকী আশা কৰ্মীৰ সহযোগত ভৰ্তি কৰায় নগাঁৱৰ এইখন জি ডি নাৰ্ছিং হোমত আৰু জনৈক শইকীয়া উপাধিৰ এগৰাকী চিকিৎসকৰ দ্বাৰা কৰা হয় গৰ্ভপাত। ঘটনাৰ উমান পাই লগত অহা গাওঁখনৰ এইগৰাকী মহিলা ত্যাগ কৰে নাৰ্ছিং হোম। মহিলাগৰাকীয়ে গাওঁ বাসীৰ সৈতে আলোচনা কৰাত পোহৰলৈ আহে এই জঘন্য ঘটনা।শুনক মহিলা গৰাকীৰ মুখেৰেই।
bite-
vo- গাওঁখনৰ মহিলাই এজাহাৰ দাখিল কৰে টুকটুকীৰ বৰিবজাৰ আৰক্ষী থানাত। আৰক্ষীয়ে জি ডি নাৰ্ছিং হোমৰ পৰাই গ্ৰেপ্তাৰ কৰে পাষণ্ড পিতৃ বিজু বৰদলৈক। ঘটনা পোহৰলৈ অহা বুলি গম পোৱাৰ লগে লগে নাৰ্ছিং হোমৰ পৰা উলিয়াই দিয়ে অসুস্থ কিশোৰীগৰাকীক। লম্পট চৰিত্ৰৰ বিজুয়ে বিভিন্ন ভয় ভাবুকিৰে সতীয়া কণ্যাক দীৰ্ঘদিনৰ পৰাই যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ গাওঁবাসীৰ। ঘটনা সংক্ৰান্তত গোট গাওঁখনৰ মহিলা। উপস্থিত হল প্ৰগতিশীল নাৰী সন্থাৰ বিষয়ববীয়া। গাওঁ বাসীৰ দাবী ফাঁচী দিব লাগে পিতৃৰ নামক কলংকিত কৰা বিজু বৰদলৈক। গাওঁখনৰ পৰা উচ্ছেদৰ দাবী মাতৃকো। ইপিনে প্ৰগতিশীল নাৰী সন্থাৰ নগাওঁ জিলা সমিতিয়ে অভিযুক্ত চিকিৎসকক গ্ৰেপ্তাৰৰ দাবীত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক দাখিল কৰে স্মাৰক পত্ৰ।
bite- স্থানীয় মহিলা, নাৰী সংস্থা।
Conclusion:অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰা মৰিগাঁও জিলাৰ বৰিবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব নে অভিযুক্ত চিকিৎসকক।
/------------------------- ----------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ ই টি ভি ভাৰত অসম
৮-৮-১৯