ETV Bharat / state

বৰঘূলীৰ খহনীয়া পীড়িত অঞ্চলত গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ

শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ পানী শুকাইছে যদিও পুনৰ লেহেমীয়া গতিত কাম আৰম্ভ কৰিছে একাংশ ঠিকাদাৰে । ইফালে জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ । প্ৰতিটো জিঅ' বেগত ১২৬ কে. জি.কৈ মাটি আৰু বালি ভৰ্তি কৰিব লাগে যদিও কেৱল ৪০-৫০ কে. জি. মানকৈ কেৱল নদীৰ বালি ভৰ্তি কৰি জিঅ' বেগবোৰ যধে-মধে নৈ বুকুত পেলাই দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

বৰঘূলীৰ খহনীয়া পীড়িত অঞ্চলত গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ
বৰঘূলীৰ খহনীয়া পীড়িত অঞ্চলত গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ
author img

By

Published : Jan 6, 2021, 4:58 PM IST

কলিয়াবৰ,6 জানুৱাৰীঃ ২০২০ বৰ্ষৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াই কলিয়াবৰৰ বৰঘূলীৰ এটা বৃহত্তৰ অঞ্চল নিশ্চিহ্ন কৰি পেলোৱাৰ পিছতো যেন গা-লৰা নাই বিভাগীয় কৰ্মচাৰী কিম্বা ঠিকাদাৰৰ । স্বয়ং জলসম্পদ মন্ত্ৰীৰ নিজা সমষ্টিতেই সংঘটিত হৈছে এনে ঘটনা । ঠিকা লাভ কৰা প্ৰতিষ্ঠানৰ অৱহেলা, দুৰ্নীতি আৰু কাম নকৰাকৈ থকাৰ ফলত বিগত সময়চোৱাত বৰঘূলী অঞ্চলৰ কেইবা হাজাৰ হেক্টৰজোৰা বৃহত্তৰ অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । তাৰ পিছতো যেন শিক্ষা লোৱা নাই ঠিকাদাৰ কিম্বা বিভাগীয় অভিযন্তা, কৰ্মচাৰীয়ে ।

বৰঘূলীৰ খহনীয়া পীড়িত অঞ্চলত গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ

শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ পানী শুকাইছে যদিও পুনৰ লেহেমীয়া গতিত কাম আৰম্ভ কৰিছে একাংশ ঠিকাদাৰে । ইফালে জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ । প্ৰতিটো জিঅ' বেগত ১২৬ কে. জি.কৈ মাটি আৰু বালি ভৰ্তি কৰিব লাগে যদিও কেৱল ৪০-৫০ কে. জি. মানকৈ কেৱল নদীৰ বালি ভৰ্তি কৰি জিঅ' বেগবোৰ যধে-মধে নৈ বুকুত পেলোই দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখযোগ্য যে, স্থানীয় ৰাইজে বিভাগীয় বিষয়া-কৰ্মচাৰীক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে বিভাগটোৰ বিৰুদ্ধে । ইপিনে ঠিকাদাৰ বাবুল নাথ আৰু উপ-ঠিকা লোৱা শান্তনু ৰয়ে এই পৰ্যন্ত গাইড-বান্ধৰ কাম নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । উপায়ন্তৰ হৈ স্থানীয় ৰাইজে বিভাগীয় নীতি-নিয়ম আৰু নিৰ্ধাৰিত সময়ত যাতে জিঅ' বান্ধৰ কাম সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে ।

লগতে পঢ়কঃ যোৰহাটত একেলগে জ্বলিল তিনিখনকৈ চিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.