ETV Bharat / state

উপ-নিৰ্বাচন বাহুবলী চৰকাৰৰ বাহুবলী ৰাজনীতিৰ উদাহৰণ: গৌৰৱ গগৈ

author img

By

Published : Sep 18, 2021, 9:06 PM IST

বিৰোধীক সাংসদ পূঁজিৰ উন্নয়নমূলক কাম-কাজত কেন্দ্ৰীয় চৰকাৰে বাধা দিয়াৰ অভিযোগ গৌৰৱ গগৈৰ ৷ বিধান সভাৰ উপ-নিৰ্বাচন বাহুবলী চৰকাৰৰ বাহুবলী ৰাজনীতিৰ উদাহৰণ আখ্যা দি কলিয়াবৰত বিজেপিৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিস্ফোৰণ ৷

gaurav-gogoi-on-by-election-in-assam
উপ-নিৰ্বাচন বাহুবলী চৰকাৰৰ বাহুবলী ৰাজনীতিৰ উদাহৰণ : গৌৰৱ গগৈ

কলিয়াবৰ, 18 ছেপ্টেম্বৰ : দিনযোৰা কাৰ্য‍সূচীৰে কলিয়াবৰত উপস্থিত হ’ল সাংসদ গৌৰৱ গগৈ ৷ সাংসদগৰাকীয়ে বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ লগতে শিলঘাটস্থিত অসমৰ দ্বিতীয় শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা দেৱালয় চৌহদত নিৰ্মিত সামূহিক ভৱন ভক্তপ্ৰাণ ৰাইজলৈ মুকলি কৰে । উল্লেখযোগ্য যে, ২০১৭–১৮ বৰ্ষ সাংসদ উন্নয়ন পূঁজিৰ তিনি লাখ টকাৰে ভৱনটো নিৰ্মান কৰাৰ কথা উল্লেখ কৰি ইয়াৰ জৰিয়তেই সাংসদ উন্নয়নৰ পূজি কৰ্তনৰ অভিযোগ তোলে গগৈয়ে ৷

ইফালে, তামোলপুৰ আৰু গোসাইগাঁও বিধান সভা সমষ্টিৰ দুই বিধায়কৰ মৃত্যুৰ পিছত উপ-নিৰ্বাচন স্বাভাৱিক আছিল যদিও, মাজুলী, মৰিয়নী, থাওৰা, ভৱনীপুৰ সমষ্টিৰ উপ-নিৰ্বাচন একমাত্ৰ ক্ষমতালোভী ৰাজনীতিৰ উদাহৰণ বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । ক্ষমতা আৰু বাহুবলেৰে বিৰোধীক দুৰ্বল কৰাৰ স্বাৰ্থত বিজেপি চৰকাৰখনে ফেচীবাদী কাৰ্যপন্থা হাতত লোৱাৰ অভিযোগ কৰি সেই চেষ্টাত কংগ্ৰেছে তীব্ৰ প্ৰত্যাহ্বান জনাব বুলিও মন্তব্য কৰে তেওঁ ৷

ইফালে, যদিও মহাজোঁট বৰ্তমান সময়ত নাই, সমাগত নিৰ্বাচনত কংগ্ৰেছ দলে ভাল ফলাফল দেখুৱাব বুলি আশাবাদী সাংসদ গৰাকী ।

ইতিমধ্যে সকলো স্তৰৰ নেতা-কৰ্মীয়ে অনাগত সময়ত হ’ব লগীয়া নিৰ্বাচনৰ বাবে ৰণ-কৌশল তৈয়াৰ কৰিছে বুলিও মন্তব্য কৰে তেওঁ । আনহাতে, যি সময়ত দেশৰ জনসাধাৰণে নিজ সন্তানৰ জন্ম দিনটোকে আৰ্থিক দুৰৱস্থাৰ বাবে ঘৰতে পালন কৰিব পৰা নাই, সেই সময়ত প্ৰধান মন্ত্ৰীৰ জন্মদিন একাধিক দিনেৰে পালন কৰাতো দুৰ্ভাগ্যজনক আখ্যা দিলে সাংসদ গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক : মঙলদৈত চলন্ত অটোত যৌন আতিশৰ্যৰ বলি দুই ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.