ETV Bharat / state

বন্যহস্তীক তুষ্ট কৰাৰ বাবে চামগুৰিত গণেশ পূজা

author img

By

Published : Sep 12, 2021, 11:54 AM IST

জনাঞ্চলত বন্যহস্তীয়ে প্ৰৱেশ কৰি স্থানীয় লোকৰ ঘৰ-দুৱাৰ, খেতি পথাৰ আদিৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ বন্যহস্তীৰ তাণ্ডৱ ৰোধৰ বাবে চামগুৰিবাসীয়ে অনুষ্ঠিত কৰিলে গণেশ পূজাৰ ৷

Ganesh Puja is being performed in Samguri to appease wild elephants on the night of Ganesh Chaturthi.
বন্যহস্তীক তুষ্ট কৰাৰ বাবে চামগুৰিত গণেশ পূজাৰ আয়োজন

চামগুৰি, 12 ছেপ্তেম্বৰ : গণেশ চতুৰ্থীৰ নিশা বন্যহস্তীক তুষ্ট কৰিবৰ বাবে চামগুৰিৰ এখন পথাৰত কৰা হয় গণেশ পূজা ৷ নগাঁও জিলাৰ চামগুৰিৰ হাঁহচৰা বৰালিগাঁৱৰ কৃষক ৰাইজে পথাৰৰ মাজত আয়োজন কৰে গণেশ পূজাৰ । বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ গণেশ বন্দনাৰে কৃষক ৰাইজে মুখৰিত কৰিলে ধাননি পথাৰ ৷ ধূপ, দীপ, নৈবেদ্য, ধান, চাউল, বুন্দিয়াৰ লাড়ু আগবঢ়াই কাকুতি ঘোষাৰে ৰাইজে কৰে পূজা-অৰ্চনা ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাই আহিছে উপদ্ৰৱ । বন্যহস্তীয়ে খাই তহিলং কৰিছে বিঘাই বিঘাই ধান খেতি । ক্ষতিসাধন কৰিছে ঘৰ-বাৰীৰ ৷ বিশেষকৈ নিশাৰ ভাগত বন্যহস্তীয়ে অঞ্চলটোত তাণ্ডৱ চলাই ক্ষতিসাধন কৰিছে বহু লোকৰ বাসগৃহ, ভঁৰাল ঘৰ, পাকঘৰৰ লগতে খেতি পথাৰৰ ৷

স্থানীয় লোকসকলে বন বিভাগক নিতৌ বিষয়টো অৱগত কৰি আহিছে যদিও বন বিষয়াসকলৰ হেমাহিৰ বাবে বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধিহে পাইছে বুলি ক্ষোভ উজাৰিছে ভুক্তভোগীয়ে ৷ যাৰ বাবে বিগত বহুদিন ধৰি নিশা বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ সেয়ে এতিয়া বন বিভাগৰ পৰিৱৰ্তে ৰাইজৰ শেষ ভৰষা গণেশ দেৱতা ৷ গণেশ দেৱতা তুষ্ট হ’লেই ৰাইজ সুৰক্ষিত হ’ব বুলি সকলোৰে গভীৰ আশা ৷

লগতে পঢ়ক : জাঁজীমুখত বন্যহস্তীৰ জাকে তচনচ কৰিলে ঘৰ-ভেটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.