নগাঁও,১৭ জুন: স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে নগাঁও পৌৰসভাই গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। নগাঁও চহৰখন স্বচ্ছ কৰি ৰখাৰ লক্ষ্যৰে পৌৰ এলেকাৰ প্ৰতিটো পৰিয়ালকে ডাষ্টবিন যোগানৰ লগতে জাবৰ কঢ়িয়াবলৈ আত্মসহায়ক গোটক প্ৰদান কৰা হ'ব একোখনকৈ ট্ৰাইচাইকেল। প্ৰথম পৰ্যায়ত নগাঁও পৌৰসভা এলেকাৰ ষোল্ল হেজাৰ পৰিয়ালক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব এই ৩২ হাজাৰ ডাষ্টবিন। বুধবাৰে এই আঁচনিৰ শুভাৰম্ভ কৰিলে স্থানীয় বিধায়ক ৰূপক শৰ্মাই।

ইয়াৰ লগতে আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত কৰ্মীয়ে ঘৰে ঘৰে গৈ জাবৰ সংগ্ৰহৰো ব্যৱস্থা কৰিছে নগাঁও পৌৰসভাই। ন্যূনতম মাচুলৰ বিনিময়ত প্ৰতিঘৰৰ পৰাই জাৱৰ সংগ্ৰহ কৰিব স্থানীয় আত্মসহায়ক গোটৰ দ্বাৰা নিয়োজিত কৰ্মীয়ে।
বুধবাৰৰ এই শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই আঁচনিৰ জৰিয়তে চহৰখন পৰিস্কাৰ হৈ থকাত অধিক সহায়ক হ'ব বুলি ব্যক্ত কৰিলে জিলা উপায়ুক্ত যাদৱ শইকীয়াই । অৱশ্যে আঁচনিখনক নগাঁও চহৰবাসীয়ে কি ধৰণে ব্যৱহাৰ কৰে সেয়া হ'ব লক্ষণীয়।
লগতে চাওকঃ পৰ্বতঝৰাত বাঘৰ আতংকঃ বাঘে ভক্ষণ কৰিছে ঘৰচীয়া জীৱ জন্তু