চামগুৰি,7 জুন: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তো ধৰ্মৰ নামত চামগুৰিৰ বিভিন্ন অঞ্চলৰ বিভিন্নজনৰ ঘৰত প্ৰলোভনেৰে দীৰ্ঘদিনে ধন-সোণ লুট কৰি অহা এগৰাকী মহিলাক তেজপুৰ সদৰ আৰক্ষীয়ে অৱশেষত আটক কৰে ৷ ধৃত মহিলাগৰাকী নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পূৱ পাঘালী গাঁৱৰ আব্দুল হেকিমৰ পত্নী ফাতেমা খাটুন বুলি জানিব পৰা গৈছে ৷
ঠাই বিশেষে ধৰ্মৰ নামত অলৌকিক তন্ত্ৰ-মন্ত্ৰৰে ভয় দেখুৱাই ধন-সোণ লুট কৰি আহিছিল মহিলা গৰাকীয়ে ৷ অভিযোগ অনুসৰি চামগুৰিৰ তিনিটা পৰিয়ালক সৰ্প দেখুৱাই প্ৰৱঞ্চনাৰে সোণৰ গহনা লুটি নিছিল মহিলা গৰাকীয়ে ৷ ইয়াৰ পাচতে ভুক্তভোগী পৰিয়ালে এই সন্দৰ্ভত চামগুৰি থানাত এজাহাৰ দাখিল কৰিছিল ৷ জানিব পৰা মতে, মহিলা গৰাকীৰ প্ৰৱঞ্চনাৰ বলি হৈছিল ভাড়াতীয়া হিচাপে থকা চামগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিকাশ শৰ্মা, শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য দিগেন বৰা আৰু ফুকনটোল নিবাসী অৱসৰপ্ৰাপ্ত বন বিষয়া হৰেণ বৰাৰ পৰিয়াল ।
উল্লেখ্য যে, ভুক্তভোগী পৰিয়ালে নিজাববীয়াকৈ অনুসন্ধান চলোৱাৰ পাচতে মহিলাগৰাকী তেজপুৰৰ পাঁচমাইলত থকা বুলি জানিব পাৰে ৷ লগে লগে আৰক্ষীক খবৰ দিয়ে পৰিয়াল কেইটাই ৷ উক্ত খবৰৰ ভিত্তিতে মহিলা গৰাকীক তেজপুৰ সদৰ আৰক্ষীয়ে আটক কৰে ৷ তেজপুৰ আৰক্ষীয়ে মহিলা গৰাকীক পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষীক গতাই দিয়ে ৷ সম্প্ৰতি আটকাধীন প্ৰৱঞ্চক মহিলা গৰাকীক চামগুৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:পথৰ দুৰৱস্থা: ঠেলি ঠেলি পাৰ কৰিবলগা হৈছে এম্বুলেঞ্চ