নগাঁও, 3 মে’ : যিকোনো লোকৰ সৈতে বন্ধুত্ব কৰোঁতে সাৱধান হওক (Online Fraud in Nagaon) ৷ যিকোনো লোকৰ সৈতে বন্ধুত্ব কৰিলেও বিশ্বাস কৰোঁতে হাজাৰবাৰ ভাৱক ৷ এতিয়াৰ ডিজিটেল সময়ত পূৰ্বৰ দৰে প্ৰকৃত বন্ধুৰ অভাৱ হোৱাটোও তেনেই স্বাভাৱিক (Fraud robbed Rs 13,000 )। এইবাৰ বন্ধুত্বৰ সুযোগ লৈয়েই মোবাইল হেক কৰি ধন লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে (Fraud robbed money sake of friendship)।
নগাঁৱৰ মেহতাব হুছেইন নামৰ এজন যুৱকে বন্ধুত্বৰ সুযোগ লৈ বন্ধুৰ মোবাইল হেক কৰি প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি মেহতাব হুছেইন নামৰ যুৱকজনে বিভিন্নজনৰ সৈতে বন্ধুত্ব কৰি প্ৰথমে বিশ্বাসী বন্ধু হয় । তাৰ পিচতেই বন্ধুৰ মোবাইল ফোন লৈ g pay , Amazon pay আদি হেক কৰি প্ৰৱঞ্চনাৰে ধন লুটি নিয়ে (Fraud friend hacked friend phone)। এইবাৰ মেহতাবৰ বলি হ’ল ছাজিব খান ৷ ছাজিব মোহতাবৰ একেখন গাঁৱৰে বন্ধু আছিল ৷
কিন্তু এইবাৰ দিন বেয়া নাছিল মেহতাবৰ ৷ ছাজিবৰ লগত প্ৰৱঞ্চনা কৰি আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক মেহতাব ৷ ছাজিব দোকানখনত প্ৰায়েই বহি থাকে মেহতাব ৷ কেতিয়াবা ফোন কৰাৰ চলেৰে ছাজিবৰ পৰা ফোনটো বিচাৰে মেহতাবে ৷ ছাজিবেও বিশ্বাস কৰি মেহতাবক ফোনটো দি দিয়ে ৷
ইয়াৰ পিচতে ছাজিবৰ ফোনটো মেহতাবে হেক কৰিছিল ৷ আজিৰ পৰা প্ৰায় 5 মাহৰ পূৰ্বে মেহতাবে ছাজিবৰ পৰা এমাজন এপ্পৰ পৰা 13 হাজাৰ টকাৰ জোতাকে ধৰি কাপোৰ কানি অৰ্ডাৰ কৰিছিল ৷ ফলত প্ৰতিমাহে ছাজিবৰ একাউণ্টৰ পৰা পইচা কাটিছিল বেংকে ৷ ছাজিবে এই সন্দৰ্ভত বেংকত অভিযোগ কৰাৰ লগতে আৰক্ষী থানাতো অৱগত কৰাইছিলি কোনো সুফল পোৱা নাছিল ৷ এইমাহতো তেনেদৰে ছাদিবৰ ফোনলৈ 5 তাৰিখে পইচা কৰ্তন কৰা হ’ব বুলি মেছেজ আহিছিল ৷ এইবাৰ ছাজিবে মেছেজটো ভালকৈ চাই এমাজন এপ্পটো খুচৰি চাই দেখে যে তাত মেহতাবৰ নম্বৰৰ লগতে বজাৰৰ তালিকা এখন আছিল ৷ তেতিয়াই পোহৰলৈ আহে সমগ্ৰ ঘটনা (Accused detained by Nagaon police) ৷
ইয়াৰ পিচতেই প্ৰৱঞ্চক বন্ধু মেহতাবৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপে ছাজিব । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰাৰ লগতে মঙলবাৰে নিশা আটক কৰে অভিযুক্ত মেহতাবক । মঙলবাৰে নিশা নগাঁও আৰক্ষী ছাউনীৰ সমীপৰ পৰা মেহতাবক আটক কৰে নগাঁও আৰক্ষীয়ে । ধৃত মেহতাবক সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।
উল্লেখযোগ্য যে, বহু লোকৰ মোবাইলৰ পৰা Gpay, Amazon Pay আদি হেক কৰি ধন লুটাৰ অভিযোগ আছে ধৃত মেহতাব হুছেইনৰ বিৰুদ্ধে ।
লগতে পঢ়ক: Srinkhal Chaliha got bail: জামিন লাভৰ পাচতে ভুৱা বাতৰি প্ৰকাশ নকৰিবলৈ সকিয়নী শৃংখল চলিহাৰ