ETV Bharat / state

Hypocrite Kaviraj in Ruphihat: ৰূপহীহাটত ভণ্ড কবিৰাজে জৰা-ফুকা কৰা শিশুৰ মৃত্য়ু

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 8:53 PM IST

একবিংশ শতিকাতো অব্যাহত বেজৰ বেজালি ৷ বেজ-বেজালি, জৰা-ফুকাত বিশ্বাস কৰাৰ ফলত সংঘটিত হৈছে অমানৱীয় কাণ্ড ।

Inhuman act in Rupahihut
ৰূপহীহাটত এমহীয়া শিশুক জৰা- ফুকা
ৰূপহীহাটত এমহীয়া শিশুক জৰা- ফুকা

চামগুৰি, ১৪ নবেম্বৰ: ৰূপহীহাটত এমহীয়া শিশুক জৰা-ফুকাৰ নামত চৰম শাস্তি । দুবাগুৰি গাঁৱৰ গোলাপী কবিৰাজৰ কাণ্ডত ৰাইজৰ চকু কঁপালত উঠিছে । বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত অন্ধ বিশ্বাসৰ কবলত ৰূপহীহাটৰ ভকতগাঁৱৰ আজিজুল হক নামৰ লোকজনৰ পৰিয়াল । গোলাপী নামৰ এগৰাকী ভণ্ড মহিলা কবিৰাজে এই পৰিয়ালটোৰ শিশুক জৰা-ফুকাৰ নামত আমানৱীয় কাণ্ড সংঘটিত কৰিছে ।

লগতে পঢ়ক:Assam Agriculture Department: সংশ্লিষ্ট বিভাগৰ বদান্যতাত প্ৰশিক্ষণ কেন্দ্ৰই ৰূপ পালে গুদাম ঘৰৰ

ৰূপহীহাটৰ ভকত গাঁৱৰ আজিজুল হক নামৰ লোকজনৰ পত্নীয়ে এমাহ পূৰ্বে জন্ম দিয়ে যমজ সন্তান । সন্তান দুটি কিছু অসুস্থ হোৱাত লৈ গৈছিল মৰিগাঁৱৰ দুবাগুৰি গাঁৱৰ গোলাপজান ওৰফে গোলাপী কবিৰাজৰ ওচৰলৈ । ভণ্ড কবিৰাজৰ চিকিৎসাৰ দৃশ্য দেখিলে গাৰ নোম শিয়ৰি উঠিব সকলোৰে । এমহীয়া সন্তানক ডিঙিৰ পিছফালে ধৰি ওলমাই কোবাই গৈছে গছৰ ডাল-পাতেৰে । ভকত গাঁৱৰ আজিজুল হকৰ দুই সন্তানক ভণ্ড কবিৰাজৰ চিকিৎসাই বেমাৰ ভাল নোৱৰাত অৱশেষত লৈ আহে নগাঁও মেডিকেল কলেজলৈ । নগাঁও মেডিকেল কলেজত দুই সন্তানক ICU ত ভৰ্তি কৰোৱাই যদিও এটি সন্তানৰ মৃত্যু হয় ।

লগতে পঢ়ক:Rajasthan Election 2023: অসমৰ ৰাজ্যপালৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ; নিৰ্বাচন আয়োগৰ দ্বাৰস্থ বিৰোধী

ইপিনে,এই ঘটনাটো সংঘটিত হোৱাৰ পিচতো ভয়ত মুখ নোখোলে আজিজুলৰ পৰিয়ালে । প্ৰাপ্ত খবৰ অনুসৰি ভণ্ড কবিৰাজৰ কবিৰাজিত পূৰ্বতেও মৃত্যু হৈছিল শিশুৰ । এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত দুবাগুৰি গাঁৱৰ গোলাপী কবিৰাজে পূৰ্বে কাৰাবাস খাটিছিল । ৰূপহী ভকত গাঁৱৰ আজিজুল হকৰ পৰিয়ালৰ লগত হোৱা ঘটনা সন্দৰ্ভত মন্তব্য বিচৰাত মন্তব্য দিয়াৰ পৰা বিৰত থাকে পৰিয়ালটোৰ সদস্য়সকলে । দুবাগুৰি গাঁৱৰ গোলাপী কবিৰাজৰ কাণ্ডক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:World Diabetes Day 2023: আজি বিশ্ব ডায়েবেটিছ দিৱস; এই দিৱসৰ প্ৰাসংগিকতা সম্পৰ্কে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.