ETV Bharat / state

ভুল চিকিৎসাৰ বাবে কামপুৰত পংগুত্বক সাৱটিবলগীয়া হৈছে বহু লোকে

author img

By

Published : Jun 22, 2020, 12:29 PM IST

ভুল চিকিৎসাৰ বাবে কামপুৰৰ শালমৰা অঞ্চল কেইবাগৰাকীও লোকে পংগুত্বক সাৱটিব লগীয়া হৈছে ৷ শালমৰা আদৰ্শ বজাৰস্থিত কবিৰ মেডিকেল হলৰ স্বত্বধিকাৰী নজৰুল ইছলাম নামৰ লোক জনৰ বিৰুদ্ধে উত্থাপন হৈছে ভুল চিকিৎসা কৰাৰ অভিযোগ ৷

A_BARHAMPUR_801_22JUN_BARHAMPUR_FRAUD DOCTOR _VISUAL&BYTE_MADHAB CH. BHUYAN

বঢ়মপুৰ, 22 জুনঃ কামপুৰৰ শালমৰা অঞ্চলত ভুল চিকিৎসাৰ বাবে কেইবাগৰাকীও লোকে সাৱটিব লগীয়া হৈছে পংগুত্বক ৷ ভুল চিকিৎসাৰ অভিযোগ উত্থাপন হৈছে, শালমৰা আদৰ্শ বজাৰস্থিত কবিৰ মেডিকেল হলৰ স্বত্বাধিকাৰী নজৰুল ইছলাম নামৰ লোক জনৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি বহু লোকে বিষৰ পৰা পৰিত্ৰাণ পাবলৈ,নিজকে বিষৰ বিশেষজ্ঞ বুলি দাবী কৰা অভিযুক্ত লোকজনৰ কাষ চাপিছিল ৷ দীৰ্ঘদিনৰ পৰা ভৰিৰ বিষত ভুগি থকা ৰোগী এগৰাকীক প্ৰথমাৱস্থাত দৰৱ খাবলৈ দিয়ে যদিও পৰৱৰ্তী সময়তো বিষটো ভাল নোপোৱাত নজৰুল ইছলামে,আঁঠুত বেজী দিয়াৰ পিচতে লোকজনৰ বিষ পূৰ্বতকৈ বৃদ্ধি পায় ৷ যাৰ বাবে ভুক্তভোগী লোকজনে পৰৱৰ্তী সময়ত চিকিৎসাৰ বাবে দুবাৰকৈ পাটনালৈয়ো যাবলগীয়া হয় ৷

ভুল চিকিৎসাৰ বাবে কামপুৰত পংগুত্বক সাৱটিবলগীয়া হৈছে বহু লোকে

কোৱল এয়াই নহয়,নজৰুল ইছলাম নামৰ লোকজনে কৰা ভুল চিকিৎসাৰ বাবে অনুৰূপ অৱস্থা হয় প্ৰায় 4-5 গৰাকী লোকৰ লগতো ৷ অভিযুক্ত নজৰুল ইছলামৰ বিৰুদ্ধে ইতিমধ্যে ভুক্তভোগী লোকে জিলা স্বাস্থ্য বিষয়াৰ লগতে,স্থানীয় উপায়ুক্ত, স্বাস্থ্যমন্ত্ৰী আৰু কামপুৰ আৰক্ষী চকীত ন্যায় বিচাৰি আবেদন জনাইছে ৷ কিন্তু এতিয়াও কোনো ধৰণৰ সহাৰি পোৱা নাই বুলি উল্লেখ কৰে স্থানীয় লোকে ৷ লগতে নজৰুল ইছলামৰ বিৰুদ্ধে 96/2020 নম্বৰত কামপুৰ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰা বুলিও জানিবলৈ দিয়ে স্থানীয় লোকে ৷

লগতে পঢ়কঃ বাইক চোৰৰ বৃহৎ চক্ৰ উৎখাত কৰিমগঞ্জ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.