ETV Bharat / state

ৰেল বিভাগত ভুৱা নিযুক্তিৰে ধন আত্মসাৎ প্ৰৱঞ্চকৰ

নগাঁৱ আৰক্ষীৰ নগৰ শাখাৰ অভিযানত গ্ৰেপ্তাৰ ৰেল বিভাগত চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰা হিৰণ্য কাকতি নামৰ এটা প্ৰবঞ্চক

ৰেল বিভাগত কেলেংকাৰী
author img

By

Published : Apr 2, 2019, 4:00 PM IST

Updated : Apr 2, 2019, 10:54 PM IST

নগাওঁ, ২ এপ্ৰিলঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ কেলেংকাৰীৰ পাছত এইবাৰ বৃহৎ কেলেংকাৰী ৰেল বিভাগত । কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ গৃহ জিলাতে হয় ৰেল বিভাগৰ ভুৱা নিযুক্তি । দীৰ্ঘদিন ধৰি নগাওঁ আৰু মৰিগাঁৱত নিজ ডিমৌৰ হিৰণ্য কাকতি নামৰএজনপ্ৰৱঞ্চকেচাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰি আহিছিল । প্ৰৱঞ্চকজনে চাকৰি দিয়াৰ নামত প্ৰতিজন ব্যক্তিৰ পৰা তিনি-চাৰি লাখ পৰ্যন্ত টকা লোৱাৰ অভিযোগ উথ্থাপিত হোৱাৰ উপৰিও মৰিগাঁও জিলাৰ চিন্তামণি কোঁৱৰ নামৰ এগৰাকী মহিলাৰ পৰা তিনি লাখ টকা লৈছিল চাকৰি দিয়াৰ নামত ।

ৰেল বিভাগত কেলেংকাৰী
সেই অনুসৰিধনৰ বাবদ চিন্তামণিয়ে পাইছিল গুৱাহাটী মালিগাঁৱ ৰেলৱে হাস্পতালৰ নাৰ্ছৰ এখন নিযুক্তি পত্ৰ । নিযুক্তি পত্ৰ লৈ চিন্তামণিয়ে যেতিয়া মালিগাঁৱত যোগদান কৰিবলৈ যায় তেতিয়াহে ওলাই প্ৰকৃত সত্য । প্ৰকৃতাৰ্থত হিৰণ্য কাকতিয়ে চিন্তামণিক দিছিল এখন ভুৱা নিযুক্তিপত্ৰ ।যাৰ বাবে চাকৰিত যোগদান নকৰাকৈ উভতি আহিবলগীয়া হয় চিন্তামণি । ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় আৰু মঙলবাৰে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত নগাওঁ আৰক্ষীৰ নগৰ শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক হিৰণ্য কাকতিক ।

Intro:কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰীৰ গৃহ জিলাতে ৰেল বিভাগত ভুৱা নিযুক্তি। ৰেলৱেত চাকৰি দিয়াৰ নামত নগাওঁ মৰিগাঁৱত প্ৰৱঞ্চনাৰ জাল পেলাই আৰক্ষীৰ জালত পৰিল প্ৰবঞ্চক। আৰক্ষীৰ অভিযানত উদ্ধাৰ ভুৱা নিযুক্তি পত্ৰও।

Body:কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰীৰ গৃহ জিলাতেই ৰেল বিভাগত ভুৱা নিযুক্তি। মন্ত্ৰী ৰাজেন গোঁহাইৰ গৃহ জিলাৰ প্ৰবঞ্চকৰ বৃহৎ জাল। বহুতকে প্ৰবঞ্চনাৰ জালত পেলাই অৱশেষত আৰক্ষীৰ জালত পৰিল প্ৰবঞ্চক। এইজন নগাঁৱৰ নিজ ডিমৌৰ হিৰণ্য কাকতি। ৰেল বিভাগত বহুত দীঘল হাত হেনো এইজন হিৰণ্য কাকতিৰ। দিব পাৰে ৰেল বিভাগত চাকৰি। চাকৰি দিয়াৰ নামত এজনৰ পৰাই সংগ্ৰহ কৰে তিনিৰ পৰা চাৰি পাঁচ লাখ পৰ্যন্ত টকা। টকা লয় যেতিয়া প্ৰাৰ্থীক দিয়ে নিযুক্ত পত্ৰও। বহু লোকৰ দৰে মৰিগাঁও জিলাৰ চিন্তামণি কোঁৱৰ নামৰ এগৰাকী প্ৰাৰ্থীয়েও দিছিল তিনি লাখ টকা। ফলত লাভ কৰিছিল গুৱাহাটী মালিগাঁৱত ৰেলৱে হস্পিতালৰ নাৰ্ছৰ এইখন নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ লৈ মালিগাঁৱত যোগদান কৰিবলৈ যোৱাত ওলাই পৰে প্ৰকৃত সত্য। আচলতে নিযুক্তি পত্ৰখন ভুৱা। যাৰ বাবে চাকৰিত যোগদান কৰিব নোৱাৰি আৰক্ষীক অৱগত কৰে মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত নগাওঁ আৰক্ষীৰ নগৰ শাখাই অভিযান চলাই মঙলবাৰে নগাওঁ চহৰৰ পৰাই গ্ৰেপ্তাৰ কৰে এইজন হিৰণ্য কাকতিক। নগাওঁ মৰিগাঁও জিলাৰ বহু লোকক প্ৰবঞ্চনা কৰা চক্ৰটোত জড়িত আন এজন এই পৰ্যন্ত পলাতক।
bite,

Conclusion:কথাতে কয় নহয় এশ গৰু মাৰিলে বাঘৰো মৰণ।
----------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ,ই টি ভি ভাৰত অসম
২-৪-২৯
Last Updated : Apr 2, 2019, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.