ETV Bharat / state

ৰূপক শৰ্মা হৈছে সৰ্বকালৰ ব্যৰ্থ বিধায়কঃ ডাঃ দুৰ্লভ চমুৱা

author img

By

Published : Sep 9, 2020, 8:03 PM IST

নগাঁৱত সংবাদমেল আয়োজন কৰি বিজেপি বিধায়ক ৰূপক শৰ্মাৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা । বিধায়ক গৰাকীৰ বিৰুদ্ধে বহুতো গুৰুতৰ অভিযোগ প্ৰদান কৰিছে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷

Former Congress MLA Durlav Chamua Press Meet At Nagaon
ৰূপক শৰ্মা হৈছে সৰ্বকালৰ ব্যৰ্থ বিধায়কঃ ডাঃ দুৰ্লভ চমুৱা

নগাঁও, 9 ছেপ্তেম্বৰ : বুধবাৰে নগাঁৱত সংবাদমেল আয়োজন কৰি বিজেপি বিধায়ক ৰূপক শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰদান কৰিছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই । ৰাজেন গোহাঁইয়ে টিকট লৈ যাব বুলি ভয়ত ছলে-বলে,কৌশলে ৰাজেন গোঁহাইৰ ঘনিষ্ঠ হ'বলৈ চেষ্টা কৰিছে বুলি প্ৰাক্তন বিধায়ক গৰাকীয়ে উল্লেখ কৰে ৷

মঙলবাৰে নগাঁও সদৰ সমষ্টিৰ প্ৰায় 500 কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ খবৰ ওলোৱাৰ পিচতেই সমষ্টিটোৰ বিজেপি বিধায়ক ৰূপক শৰ্মাৰ বিৰুদ্ধে এখন সংবাদমেল আয়োজন কৰি সৰৱ হৈ পৰে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা ।

আনহাতে,বিজেপি নেতা ৰাজেন গোহাঁইৰ ভয়ত এতিয়া ৰূপক শৰ্মাই যোগদানৰ নাটক আৰম্ভ কৰা বুলিও মন্তব্য কৰে ডাঃ দুৰ্লভ চমুৱাই । আনকি,ৰাজেন গোহাঁইয়ে দলীয় টিকট লৈ যোৱাৰ ভয়তেই বিধায়ক ৰূপক শৰ্মাই এতিয়া ছলে-বলে,কৌশলে বিজেপিত যোগদান কৰা দেখুৱাই নিজৰ ৰিপ'ৰ্ট কাৰ্ড ভাল কৰাৰ চেষ্টা কৰা বুলিও বিস্ফোৰক মন্তব্য কৰিছে ৰূপক শৰ্মাই । ইফালে, একাংশ লোকক বিজেপিত যোগদান কৰিবলৈ ডকাইতৰ জৰিয়তে ভাবুকি দিয়া বুলিও আন এক বিস্ফোৰক মন্তব্য কৰিছে ডাঃ দুৰ্লভ চমুৱাই ।

শেহতীয়াকৈ বিজেপিয়ে আঁচনিৰ প্ৰলোভন দি সভালৈ মানুহ অনা বুলিও মন্তব্য কৰে সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে । আনকি, বিগত চাৰি বছৰত সমষ্টিটোত কংগ্ৰেছ চৰকাৰৰ দিনতে অনুমোদন লাভ কৰা ৰাস্তা-ঘাট আদিৰ কাম চলি আছে বুলিও মন্তব্য কৰি বিধায়ক ৰূপক শৰ্মাক সৰ্বকালৰ ব্যৰ্থ বিধায়কৰ আখ্যা দিয়ে ডাঃ দুৰ্লভ চমুৱাই । আনকি,নগাঁও চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণৰ কামৰ কৃতিত্ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ নেতৃত্বত হোৱা বুলি উল্লেখ কৰিলে দুৰ্লভ চমুৱাই ।

ইফালে,সাংবাদিকৰ প্ৰশ্নৰ অন্তত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগতো ইয়াৰ বিৰুদ্ধে কংগ্ৰেছ দলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও মন্তব্য কৰে প্ৰাক্তন বিধায়কজনে ।

লগতে পঢ়ক : ট্ৰাকৰ খুন্দাত দৰঙত থিতাতে নিহত 3 বাইক আৰোহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.