ETV Bharat / state

Formalin detected in fish: নগাঁ‌ৱত ফৰ্মেলিনযুক্ত মাছ বিক্ৰীৰ বিৰুদ্ধে সৰৱ যুৱ ছাত্ৰ পৰিষদ

author img

By

Published : Apr 27, 2023, 11:54 AM IST

চালানী মাছত জনস্বাস্থ্যৰ বাবে অপকাৰী ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰাৰ পাচতেই এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ নগাঁও মহাবিদ্যালয়ৰ পৰীক্ষাত পোহৰলৈ আহিছিল এই ভয়ংকৰ তথ্য ৷ ইয়াকে লৈ এতিয়া উদ্বিগ্ন ৰাজ্যবাসী (Fish contain formalin) ৷

Formalin detected
Formalin detected

নগাঁও, 27 এপ্ৰিল: শেহতীয়াভাৱে নগাঁও মহাবিদ্যালয়ৰ (Nagaon College) প্ৰাণী বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰত ধৰা পৰা চালানী মাছত ফৰ্মেলিন, কেডমিয়াম, আৰ্চেনিকৰ উপস্থিতিয়ে নগাঁৱবাসীৰ লগতে সমগ্ৰ অসমবাসীক উদ্বিগ্ন কৰি তুলিছে । এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাশীষ দাসে এক বিবৃতিযোগে জনাইছে যে ফৰ্মেলিনযুক্ত মাছে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে (Formalin found in fish) ৷

ইতিমধ্যেই যুৱ ছাত্ৰ পৰিষদে (AJYCP Nagaon) এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল আৰু তাৰ ফলশ্ৰুতিত এই অবৈধ কাৰবাৰ কিছু পৰিমাণে স্তিমিত হৈছিল ৷ কিন্তু প্ৰশ্ন উত্থাপন হয় যে অসাধু চক্ৰই নিজৰ মুনাফা আদায়ৰ বাবে কেনেকৈ ট্ৰাকে ট্ৰাকে ফৰ্মেলিনযুক্ত মাছ নগাঁৱলৈ সৰবৰাহ কৰিব পাৰিছে ? সেয়ে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে ফৰ্মেলিনযুক্ত চালানী মাছৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ লগতে এই ব্যৱসায় লগত জড়িত অসাধু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ নেতাদ্বয়ে দাবী উত্থাপন কৰে ৷

লগতে এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে এই দৈনিক শ শ ট্ৰাকত আমদানি হোৱা মাছৰ গুণাগুণ নিৰূপণ সম্পৰ্কত নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ একেবাৰে কাণসাৰ নথকাতো অতিকৈ ৰহস্যজনক বিষয় ৷

বিষয়টো যিহেতু জনস্বাস্থ্যৰ লগত জড়িত সেয়ে অনতিপলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাওঁ জিলা উপায়ুক্তৰ যোগেদি বৃহস্পতিবাৰে দাবী সম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ শীঘ্ৰে কাৰ্যকৰী ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ নকৰিলে এই অবৈধ ব্যৱসায় পৰিষদৰ তৰফৰ পৰা বন্ধ কৰি দিয়া হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপ সভাপতি প্ৰবাল শৰ্মা, যুটীয়া সম্পাদক ক্ৰমে হেমন্ত দাস আৰু দিব্যজিৎ হাজৰিকা, প্ৰচাৰ সম্পাদক দৰ্শন কাকতি, বিত্ত সম্পাদক দিপাংকৰ শৰ্মা আৰু জাতীয় শ্ৰমিক পৰিষদৰ সাধাৰণ সম্পাদক মোহন হাজৰিকাৰ উপস্থিতিত প্ৰদান কৰা হয় স্মাৰক পত্ৰ ৷

লগতে পঢ়ক: Formalin detection in Fish: মাছৰ নামত বৰবিহ ! নগাঁও কলেজৰ অধ্যয়নত উদ্বেগকজনক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.