ETV Bharat / state

হিলৈ,বন্দুক লৈ অভিযান চলাইও বনবিভাগ ব্যৰ্থ হাতী খেদাত - চামগুৰিৰ গেন্ধালি হাবিত হাতী খেদাৰ বাবে বন বিভাগৰ অভিযান

চামগুৰিৰ গেন্ধালি হাবিত হাতী খেদাৰ বাবে বন বিভাগৰ অভিযান ৷ আতচবাজী,হিলৈ,বন্দুকৰ সহায়ত হাতী খেদাৰ প্ৰয়াস ৷ নিশালৈকে অভিযান চলোৱাৰ পাছতো প্ৰায় এসপ্তাহৰ পৰা বাহৰ পতা হাতীৰ জাকটোক হাবিখনৰ পৰা খেদি পথোৱাত ব্যৰ্থ বনবিভাগ ৷

forest officials operation aginst elephant failed in nagaon
হিলৈ, বন্দুক লৈ অভিযান চলাইও বনবিভাগ ব্যৰ্থ হাতী খেদাত
author img

By

Published : Dec 22, 2020, 1:49 PM IST

চামগুৰি,22 ডিচেম্বৰ: প্ৰায় এসপ্তাহৰ পৰা চামগুৰিৰ গেন্ধালি হাবিত বাহৰ পাতি অঞ্চলবাসী ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰা বনৰীয়া হাতী খেদি পথোৱাৰ বাবে বনবিভাগে লোৱা ব্যৱস্থা বিফল হৈছে ৷ হাবিখনত বাহৰ পাতি হাঁহচৰা বৰালী গাঁও,গেন্ধালি ভকত গাঁও,আদৰ্শ গাঁও,শিঙীয়া মাজৰ-আটি, কেঁকোৰাচুক,বাঘবৰালি আদি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি অহা হাতী কেইটাক খেদি পথোৱাৰ বাবে সোমবাৰে বন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে হাতে-হাতে আতচবাজী,হিলৈ,বন্দুক লৈ হাবিখনত এক অভিযান চলায় ৷ কিন্তু নিশালৈকে অশেষ প্ৰচেষ্টা চলোৱাৰ পাছতো হাতী কেইটাক খেদি পথোৱাত বনবিভাগ ব্যৰ্থ হয় ৷

হিলৈ, বন্দুক লৈ অভিযান চলাইও বনবিভাগ ব্যৰ্থ হাতী খেদাত

হাতী কেইটাক খেদি পথোৱাৰ বাবে নগাঁও সদৰ,শালনা,উদমাৰি বন কাৰ্যালয়ৰ সমূহ বনকৰ্মীয়ে একত্ৰিত হৈ হাতী কেইটাই বাহৰ পতা চামগুৰিৰ গেন্ধালিস্থিত প্ৰয়াত ঘন গগৈ নামৰ ব্যক্তি গৰাকীৰ মালিকানাধীন এখন হাবিত নিশালৈকে অভিযান অব্যাহত ৰাখে ৷ অশেষ কষ্ট কৰাৰ পাছতো লক্ষ্যত উপনীত হ'ব নোৱাৰি বন্যহস্তী কেইটাক ঘন গগৈৰ বাৰীখনৰ পৰা কাৰ্বি পাহাৰ নিব নোৱাৰা পৰ্যন্ত অভিযান অব্যাহত ৰাখিব বুলি বনকৰ্মী সকলে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে এখন এক্সকেভেটৰৰ লগতে আতচবাজী,হিলৈ আৰু বন্দুক আদি ফুটাই বন বিভাগে হাতী কেইটাক খেদি পথোৱাৰ প্ৰচেষ্টা কৰিছিল ৷

স্থানীয় লোকে অভিযোগ কৰে যে হাবি খনত ঘন জংঘল থকাৰ বাবেই এনেদৰে হাতীয়ে আহি বাহৰ পাতিছে ৷ ৰাইজে অভিযোগ কৰে যে ডাঠ হাবিখন মুকলি কৰাৰ ক্ষেত্ৰত মালিক পক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰে ৷ যাৰ ফলত হাবিখনতে দিনৰ ভাগত আশ্ৰয় লৈ হাতীকেইটাই নিশাৰ ভাগত দীৰ্ঘদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷

লগতে পঢ়ক:চিৰাঙৰ হাতী-মানুহৰ সমস্যাক লৈ ডব্লিউ ডব্লিউ এফৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.