কলিয়াবৰ,১১ মাৰ্চ : নগাঁও জিলাৰ কলিয়াবৰত শোকাবহ ঘটনা । বুঢ়াপাহাৰ চাহ বাগিচাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু এটা বনৰীয়া হাতীৰ (Wild elephant dies of electrocution in Kaliabor)। পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীটো ট্ৰেঞ্চফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে । স্থানীয় লোকে জনোৱা মতে ট্ৰেঞ্চফৰ্মাৰটো বহু তলত স্থাপন কৰা হৈছে যাৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হয় (Wild elephant electrocuted in Kaliabor)।
ঘটনাৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় । হাতীটোৰ মৃত্যুৰ ক্ষেত্ৰত বিভাগীয় তদন্ত কৰা হ'ব বুলিও তেওঁ জনায় । ইফালে বুঢ়াপাহাৰ চাহ বাগিছাৰ উক্ত স্থানত পুৱাই উপস্থিত হয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Forest Minister at the site of wild elephant death)।
উক্ত স্থান পৰিদৰ্শন কৰি মৃত হাতীটোক পুষ্পাঞ্জলি অৰ্পণ কৰে । ভৱিষ্যতে যাতে এনেধৰণৰ শোকাবহ ঘটনা সংঘটিত নহয় তাৰ বাবে বিদ্যুৎ বিভাগ, বন বিভাগ, ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বাগিছা কৰ্তৃপক্ষক বিদ্যুৎ সংযোগ কৰাৰ ক্ষেত্ৰত সাৱধান হ'বলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক :মুকলি হোৱাৰ পূৰ্বেই লক্ষীপুৰত খহি পৰিল দলং