ETV Bharat / state

Forest Department Fails to Chase elephants : দুষ্ট চক্ৰৰ বাবেই হাতী খেদাত ব্যৰ্থ বন বিভাগ

author img

By

Published : Dec 29, 2021, 10:21 AM IST

নগাঁৱৰ বিভিন্ন অঞ্চলত এতিয়া বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ দিনে-নিশাই হাতীৰ বাবে আতংকত দিন পাৰ কৰিছে ৰাইজে ৷ বন বিভাগৰ লোকেও সকাহ দিব পৰা নাই ৰাইজক (Forest Department Fails to Chase elephants) ৷

-man-elephant-conflict
নগাঁৱৰ বিভিন্ন অঞ্চলত এতিয়া হাতীৰ মুক্ত চলাচল

বঢ়মপুৰ, 29 ডিচেম্বৰ : পাহাৰৰ ওপৰত থকা ম’হৰ খুঁটি আৰু গছ কটা যন্ত্ৰৰ শব্দত ভীতিগ্ৰস্ত হৈ ভৈয়ামৰ দিশে ঢাপলি মেলিছে বন্যহস্তীৰ জাকসমূহে ৷ নগাঁৱৰ জনবসতিপূৰ্ণ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ অবাধ বিচৰণ অব্যাহত আছে ৷

জিলাখনৰ কন্দলী, কামপুৰ, কঠিয়াতলী, শগুণবাহী আদিকে কৰি কেইবাটাও অঞ্চলৰ ৰাইজে বহুদিন ধৰি হাতীৰ উপদ্ৰৱ সহি আহিছে ৷ কেইবামাহৰ ভিতৰত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ পাহাৰৰ পৰা জনাঞ্চললৈ নামি অহা হাতীৰ জাকে খাই তহিলং কৰিছে শস্য, বিনষ্ট সাধন কৰিছে খেতিপথাৰৰ ৷ লগতে ধ্বংসস্তুপত পৰিণত কৰিছে শতাধিক লোকৰ বাসগৃহ ৷

দুষ্ট চক্ৰৰ কৱলত হাতী খেদাত ব্যৰ্থ বন-বিভাগ

কাৰ্বি পাহাৰ আৰু কন্দলীৰ পাহাৰীয়া এলেকাৰ ওপৰত অবৈধভাৱে স্থাপন কৰা ম’হৰ খুঁটি আৰু বনাঞ্চলৰ ধ্বংসকাৰ্যৰ বাবে জনাঞ্চললৈ ঢাপলি মেলিছে বনৰীয়া হাতীৰ জাকে ৷ যন্ত্ৰৰ বিপৰীতে কৰতেৰে গছ কটাৰ ফলত হাতীৰ জাকে ভয় খাই ভৈয়ামলৈ অহা বুলি সদৰী কৰিছে স্থানীয় লোকে ৷ বন বিভাগে আপ্ৰাণ চেষ্টা কৰিও হাতীৰ জাকক পাহাৰৰ দিশে খেদি পঠোৱাত ব্যৰ্থ (Forest Department Fails to Chase elephants) হৈছে ৷

-man-elephant-conflict
দুষ্ট চক্ৰৰ কৱলত হাতী খেদাত ব্যৰ্থ বন-বিভাগ

যাৰ বাবে কমক চাৰি বাঢ়িছেহে হাতী-মানুহৰ সংঘাত (Man-Eliphant Conflict) ৰ মাত্ৰা ৷

লগতে পঢ়ক : Man elephant conflict at Hojai : বনৰীয়া হাতীৰ আক্ৰমণত বনকৰ্মী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.