নগাঁও, 22 জুলাইঃ নগাঁৱৰ হয়বৰগাঁৱত যাট-জট নিয়ন্ত্ৰণৰ লগতে ভিৰ নিয়ন্ত্ৰণৰ বাবে নগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ ৷ সেই অনুসৰি বৃহস্পতিবাৰৰ পৰা নগাঁৱৰ হয়বৰগাঁৱত পদপথত পাতিব নোৱাৰিব কোনো দোকান ৷ লগতে পদপথৰ কাষত থকা দোকান সমূহেও পদপথ ব্যৱসায়িক লাভৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ৷
নগাঁও যান-বাহন আৰক্ষীৰ লগতে হয়বৰগাঁও আৰক্ষীয়ে বুধবাৰে হয়বৰগাঁৱৰ পদপথত থকা দোকান সমূহ কাইলৈৰ পৰা বন্ধ ৰাখিবলৈ মাইকযোগে আহ্বান জনায় ৷ ইপিনে ন’ পাৰ্কিং এলেকাত পাৰ্ক কৰাৰ লগতে ডাবল পাৰ্কিং কৰা বাহনৰ ক্ষেত্ৰতো আৰক্ষী কঠোৰ হ’ব বুলি উল্লেখ কৰে ৷ কোনো দোকানৰ সমুখত পথৰ ওপৰত গাড়ী ৰাখিলে দোকানৰ গৰাকীকো জৰিমনা বিহা হ’ব বুলি আৰক্ষীয়ে কৰা ঘোষণাত প্ৰকাশ পায় ৷
উল্লেখ্য যে,অঞ্চলটোত পাৰ্কিং আৰু পদপথৰ দোকানৰ বাবে যান জঁট সৃষ্টিৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই উঠি আহিছিল ৷ ইপিনে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে সামাজিক সামাজিক দুৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশনা দিয়া সত্বেও নগাঁও চহৰৰ হয়বৰগাঁৱত সকলো নীতি নিয়ম উলংঘা কৰি ভিৰ কৰে বহু লোকে ৷ এনে পৰিপ্ৰেক্ষিততেই অধিক কঠোৰ হৈছে জিলাখনৰ আৰক্ষী ৷
বৃহস্পতিবাৰৰ পৰা পদপথত দোকান দিয়া আৰু পাৰ্কিংৰ নামত যান জঁট সৃষ্টি কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অৱগত কৰে যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰ্মনে ৷