নগাঁও, 18 জানুৱাৰী: দীর্ঘদিন ধৰিয়েই নগাঁৱৰ একাংশ হোটেল ৰেষ্টুৰেণ্টত নিৰ্বিঘ্নে বিক্ৰী হৈ আছে অস্বাস্থ্যকৰ খাদ্য । নগাঁৱৰ খাদ্য সুৰক্ষা বিভাগৰ ৰহস্যজনক ভূমিকাৰ সুযোগ গ্ৰহণ কৰিয়েই একাংশ হোটেল ৰেষ্টুৰেণ্টত বিক্ৰী হৈছে অস্বাস্থ্যকৰ বহু খাদ্য । এইবাৰ নগাঁও চহৰৰে এখন হোটেলত যি কাণ্ড সংঘটিত হ’ল সেয়া শুনিলে যিকোনো হোটেলত খোৱাৰ আগতে অন্তত দহবাৰ ভাবিবলৈ বাধ্য হ’ব আপুনি (Food prepared in an unhealthy environment) ।
আপুনি গৰম গৰম চিঙৰা খাই ভাল পাই নেকি ? গৰম গৰম চিঙৰা হয়তো বহুতৰ বাবেই প্ৰিয় খাদ্য । কিন্তু নগাঁৱৰ এখন হোটেলত চিঙৰা বনোৱাৰ কৌশল দেখিলে হতভম্ব হ’ব আপুনিও । চিঙৰা প্ৰস্তুত কৰিবলৈ নিশ্চিতভাৱেই প্ৰয়োজন হয় আলুৰ । কিন্তু নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ এখন হোটেল গুণগুণত অতি লেতেৰা তথা কদৰ্যময় পৰিৱেশত প্ৰস্তুত হয় চিঙৰাকে ধৰি ভিন্ন মিঠাই আদিৰ লগতে নানান খাদ্য সামগ্ৰী ।
চহৰখনৰ ফৌজদাৰিপট্টিৰ দক্ষিণপাট টেম্পো ষ্টেণ্ডৰ সমীপৰ "গুণগুণ মিঠাই ঘৰ" নামৰ হোটেলখনত ভৰিৰে আলু মোহাৰি প্ৰস্তুত কৰা হয় চিঙৰা (Unhygienic food in Nagaon hotel)। যি দৃশ্য বন্দী হৈ ৰ'ল একাংশ সচেতন যুৱকৰ ম’বাইলত । জনস্বাস্থ্যৰ প্ৰতি তিলমানো গুৰুত্ব আৰোপ নকৰি এই হোটলখনৰ মালিকপক্ষই প্ৰস্তুত কৰি আছে চিঙৰাকে ধৰি অন্যান্য মিঠাইসমূহ ।
খাদ্য সামগ্ৰীসমূহ কেনেদৰে প্ৰস্তুত হৈছে, তাক আমি নজনাকৈয়ে ক্ৰয় কৰি লাভ কৰি আহিছো জিভাৰ তৃপ্তি । এনেদৰে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰিবলৈ অকনো কুণ্ঠাবোধ নকৰে এনে একাংশ অসাধু ব্যৱসায়ীয়ে । কেৱল মুনাফা অৰ্জনেই হৈছে এওঁলোকৰ প্ৰধান উদ্দেশ্যে ।
উল্লেখযোগ্য যে, নগাঁৱৰ একাংশ হোটেল, ৰেষ্টুৰেণ্টত এনেদৰে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহাৰ পিছতো ৰহস্যজনকভাৱে মৌন হৈ আছে নগাঁৱৰ খাদ্য সুৰক্ষা বিভাগ । আনকি একাংশ হোটেল ৰেষ্টুৰেণ্টত গ্ৰাহকক বিশুদ্ধ খোৱাপানী যোগান নধৰাৰো অভিযোগ উত্থাপন হৈ আহিছে ।
স্মৰ্তব্য যে, দিনদিয়েক পূৰ্বে নগাঁৱৰ এখন হোটেলৰ পৰা অনুমতি প্ৰদানৰ নামত উৎকোচ গ্ৰহণ কৰা অৱস্থাত হাতে লুটে গ্ৰেপ্তাৰ হৈছিল খাদ্য সুৰক্ষা বিভাগৰ এগৰাকী বিষয়া । দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই খাদ্য সুৰক্ষা বিভাগৰ এইগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতো কোনো পৰিৱৰ্তন হোৱা নাই জনস্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব নথকা নগাঁৱৰ খাদ্য সুৰক্ষা বিভাগৰ ।
লগতে পঢ়ক: 68 People Hospitalised Due To Food Poisoning: হোটেলত বিষাক্ত আহাৰ গ্ৰহণ কৰি অসুস্থ ৬৮ গৰাকী লোক