ETV Bharat / state

Flood situation of Assam : ৰাজ্যত বছৰৰ দ্বিতীয়টো বানে লৈছে ভয়ংকৰ ৰূপ

author img

By

Published : Jun 17, 2022, 1:21 PM IST

ৰাজ্যৰ প্ৰায় ২৫ খন জিলা বানৰ কৱলত (Flood situation of Assam)। যোৱা ২৪ ঘণ্টাত বানপানী আৰু ভূমিস্খলনত ৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । কামপুৰ আৰু মঙলদৈত বানে লৈছে ভয়ংকৰ ৰূপ ।

Assam
ৰাজ্যত বছৰৰ দ্বিতীয়টো বানে লৈছে ভয়ংকৰ ৰূপ

নিউজ ডেস্ক,১৭ জুন : ৰাজ্যত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লৈছে (Flood situation has taken a terrible turn in Assam)। ইতিমধ্যে ৰাজ্যৰ বহু জিলা বানৰ কৱলত পৰিছে । দুৰ্যোগ প্ৰশমন বিভাগৰ যোৱা ২৪ ঘণ্টাৰ এক তথ্য অনুসৰি ৰাজ্যখনৰ ২৫ খন জিলা ইতিমধ্যে বানৰ কৱলত পৰিছে (25th districts of Assam effected by Flood)। প্ৰায় ১১,০৯,৩০০ গৰাকী লোক বানৰ কৱলত পৰিছে ।

আনহাতে অসমৰ বাবে অতি উদ্বেগজনক খবৰ যে যোৱা ২৪ ঘণ্টাত বানপানী আৰু ভূমিস্খলনত ৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ওদালগুৰি জিলাত বানপানীত এজন লোকৰ মৃত্যু হৈছে আনহাতে গোৱালপাৰাত ভূমিস্খলনত ২ গৰাকী লোকৰ মৃত্যু হৈছে । যোৱা ৬ এপ্ৰিলৰ পৰা বৰ্তমানলৈ অসমত বানপানীত মুঠ ৩৪ গৰাকী লোকৰ প্ৰাণ গৈছে আৰু ভূমিস্খলনত ১১ গৰাকী লোকৰ মৃত্যু হৈছে । সমান্তৰালকৈ বহু জিলাত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লৈছে ।

বছৰৰ দ্বিতীয়টো বানত নগাঁও জিলাৰ কামপুৰৰ বিস্তীৰ্ণ অঞ্চল ক্ষতিগ্ৰস্ত হৈছে (Floods affects in Kampur)। খানদাঙৰ গেট খুলি দিয়াৰ ফলত কপিলী নৈৰ জলস্তৰ যথেষ্ট বৃদ্ধি হৈছে । যাৰ ফলত বাঢ়নী পানীয়ে বুৰাই পেলাইছে কামপুৰৰ বিভিন্ন অঞ্চল ।

কামপুৰ-যুমুনামুখ সংযোগী পথৰ ওপৰৰে পানী বাগৰিছে । যাৰ ফলত যাতায়ত ব্যৱস্থা বিঘ্নিত হৈছে । গাঁৱৰ ৰাইজে সুৰক্ষিত স্থানলৈ ঢাপলি মেলিছে । কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পতিয়াপাম, দেওৰী গাঁও, চাংচকীকে ধৰি প্ৰায় ৭০ খনতকৈও অধিক গাওঁ বৰ্তমান পানীৰ তলত আছে । বন্যাৰ্তৰ মাজত একপ্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে । খাদ্য সংকটত পৰিছে অঞ্চলটোৰ অধিকাংশ লোক ।

ইফালে মঙলদৈ চহৰত বানপানীয়ে ভয়াৱহ ৰূপ লৈছে । মঙলদৈৰ বেগা নদী আৰু মঙলদৈ নদীৰ বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলাইছে চহৰখনক । বহু লোকৰ ঘৰ-দুৱাৰ এতিয়া পানী তলত । যাৰ বাবে SDRF বাহিনীয়ে ইতিমধ্যে বানপানীত আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে । ইয়াৰোপৰি লোকসকলক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক :Flood in Dhuburi: ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচলত নিষেধাজ্ঞা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.