ETV Bharat / state

কামপুৰত অব্যাহত বানৰ তাণ্ডৱ

author img

By

Published : Oct 5, 2020, 1:19 PM IST

উল্লেখ্য যে, বাঢ়নী পানীয়ে ইতিমধ্যে মাধৱপাৰাত পকী ঘৰ সহ 7 টাকৈ বাসগৃহ ভাঙি তচনচ কৰাৰ লগতে পাঁচটা বাসগৃহ উটোৱাই লৈ গৈছে ৷ যাৰ ফলত গৃহহীন হৈ পৰিব লগা হৈছে কেইবাটাও পৰিয়াল ৷

Flood continue at Kampur of Nagaon
কামপুৰত অব্যাহত বানৰ তাণ্ডৱঃ প্ৰশাসনে উপযুক্ত সহায় নকৰাৰ অভিযোগ

বঢ়মপুৰ, 5 অক্টোবৰ : কামপুৰত বানে সন্ত্ৰাস চলোৱা দহ দিন অতিক্ৰম কৰাৰ পাছতো দুখ দুৰ্দশা কমা নাই বানাক্ৰান্তৰ ৷ অঞ্চলটোত বৰ্তমানেও কচুৱা মাধৱপাৰাৰ বৰপানী নৈৰ ভগ্ন মাথাউৰিৰে সোমাই আছে বাঢ়নী পানী ৷ উল্লেখ্য যে, বাঢ়নী পানীয়ে ইতিমধ্যে মাধৱপাৰাত পকী ঘৰ সহ 7 টাকৈ বাসগৃহ ভাঙি তচনচ কৰাৰ লগতে পাঁচটা বাসগৃহ উটোৱাই লৈ যায় ৷ যাৰ ফলত গৃহহীন হৈ পৰিব লগা হৈছে কেইবাটাও পৰিয়াল ৷ গৃহহীন পৰিয়াল কেইটাই বৰ্তমান মথাউৰিৰ ওপৰতে ৰ'দে,বৰষুণে আশ্ৰয় ল'বলগা পৰিস্থিতি হৈছে ৷

মন কৰিব লগীয়া যে, প্ৰশাসনে কেৱল এমুঠি চাউল আৰু দালি দিয়েই বানাক্ৰান্তক আভূৱা ভৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ বছৰৰ সপ্তমটো বানে মাথাউৰি ভাঙি বৰ্তমান ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে কচুৱা মাধবপাৰা অঞ্চলত ৷ গৃহহীন লোক সকলে তেওঁলোকৰ ক্ষেত্ৰত এক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনক ৷

লগতে পঢ়কঃ বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.