ETV Bharat / state

ৰহাত ৰাজ্যিক ভিত্তিত মীন পালক দিৱস উদযাপন

author img

By

Published : Jul 11, 2021, 1:04 PM IST

Updated : Jul 11, 2021, 1:47 PM IST

শনিবাৰে ৰহাৰ জোঙাল বলহু গড় মীনপামত ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় মীন পালক দিৱস (Fish Farmers Day) উদযাপন ৷ এই মীন পালক দিৱসত উপস্থিত থাকি অসমৰ মীন ক্ষেত্ৰখনে দেশৰ ভিতৰতে বিশেষ স্থান দখল কৰা বুলি উল্লেখ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

fish-farmers-day-celebrated-in-raha
ৰহাত ৰাজ্যিক ভিত্তিত মীন পালক দিৱস উদযাপন

ৰহা, 11 জুলাই : নগাঁও জিলাৰ ৰহাৰ জোঙাল বলহু গড় মীনপামত শনিবাৰে উদযাপন কৰা হয় ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় মীন পালক দিৱস (Fish Farmers Day) । অসম চৰকাৰৰ মীন বিভাগ (Fishery Department)ৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মৎস্যজীৱি কোষৰ সহযোগত অনুষ্ঠিত এই মীন পালক দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যিক মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ই । এই মীন পালক দিৱসত অনুষ্ঠিত সভাত ভাষণ দি মন্ত্ৰী শুক্লবৈদ্যই কয় যে, অসমৰ মীন ক্ষেত্ৰখনে দেশৰ ভিতৰতে বিশেষ স্থান দখল কৰিছে ।

বিগত পাঁচ বছৰত অসমে বছৰি তিনি লাখ মেট্ৰিক টন মাছ উৎপাদন কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী শুক্লবৈদ্যই ৷ তদুপৰি বাহিৰত কৰ্মসংস্থাপন বিচাৰি যোৱাতকৈ মীন পালনেৰে স্বাৱলম্বী হ’বলৈ যুৱ প্ৰজন্মক আহ্বান জনায় । উক্ত সভাত মীন সম্পৰ্কীয় তথ্য সম্বলিত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় ।

ইয়াৰ লগতে মীনপামখনতে ৰূপায়ণ কৰা এক গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লয় মন্ত্ৰী শুক্লবৈদ্যই ৷

মীনপামখনত নতুনকৈ নিৰ্মাণ কৰা এটা মীন পোনা উৎপাদন কেন্দ্ৰ উদ্বোধন কৰে মীন বিভাগৰ অধ্যক্ষ ৰমাকান্ত দেউৰী (Rama Kanta Dewri)য়ে । ক’ভিড (Covid)ৰ ভয়াৱহতাৰ সময়তো মীন পালক দিৱসত ৰাজ্যৰ ভিন্ন জিলাৰ দুই শতাধিক মীন পালকে অংশগ্ৰহণ কৰে । ইফালে শিল-বালি বিভাগটো বন বিভাগৰ পৰা কৰ্তন কৰি খনিজ সম্পদ বিভাগক দিলে বন বিভাগৰ কাম-কাজত সুবিধা হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । সভাত মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিধায়ক ৰমাকান্ত দেউৰীৰ সৈতে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা, মীন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে নগাঁও জিলাৰ উপায়ুক্ত ৷

লগতে পঢ়ক : কলগাছিয়াত ভক্ষকৰ ৰূপত স্বয়ং আৰক্ষী !

Last Updated : Jul 11, 2021, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.